মাজুলী: যোৱা ২১ এপ্ৰিলৰ পুৱতি নিশা লাকুৱাস্থিত তৈলখাদৰ পৰা অপহৃত হোৱা ONGC ৰ তিনিজনকৈ অসমীয়া বিষয়া-কৰ্মচাৰীৰ ভিতৰত দুজনক উদ্ধাৰ হোৱাৰ বিপৰীতে আজি ২২ টা দিন অতিক্ৰম কৰাৰ পাছতো কোনো শুংসূত্ৰ নাই ৰিতুল শইকীয়াৰ ।
আজি মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণৰ সময়ত কোলাত কেঁচুৱা লৈ মাজুলীত উপস্থিত হয় আলফাৰ দ্বাৰা অপহৃত ONGC কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নী আৰু মাতৃ।
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবৰ বাবে তিতাবৰত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ লগত উপস্থিত হয়।
মুখ্যমন্ত্ৰীক পৰিয়ালটোৱে লগ ধৰি কাতৰ প্ৰাৰ্থনা জনাই পত্নী মাতৃয়ে। মুখ্যমন্ত্ৰীয়ে পৰিয়ালটোক সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে |
আৰু পঢ়কঃকোৰোনা পৰিস্থিতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত
ইয়াৰ আগতে বুধবাৰে তিতাবৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ সৈতে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজোতি কুৰ্মীয়ে অপহৃত ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে ৷
অপহৃত ৰিতুল শইকীয়াৰ মুকলিৰ বাবে আলফাৰ লগত মধ্যস্থতাকাৰী হ’বলৈ সাজু বুলি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মন্তব্য কৰিছে । সেনাধ্যক্ষ গৰাকীক ৰাজনীতিৰ পথাৰলৈ আহি অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ আহ্বান জনাইছিল মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে।