শিৱসাগৰ: শিৱসাগৰ জিলাৰ হাঁহচৰা বোকানগৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধা সম্পন্ন যুৱতী ৰিতুমনি হাজৰিকাৰ কাহিনী আপোনালোকে হয়তো পাহৰা নাই।
হাঁহচৰা বোকানগৰৰ মাতৃ লখিমী হাজৰিকা আৰু পিতৃ ৰঞ্জিত হাজৰিকাৰ একমাত্ৰ কন্যা সন্তান ৰিতুমণি হাজৰিকা। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰাত বিছনাতে পৰি ৰৈছিল ৰিতুমণি। অৱশেষত সংবাদমাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ হোৱাত ৰিতুমণিক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছিল সাংসদ তপন কুমাৰ গগৈ লগতে বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজ।
লগতে পঢ়ক- ধৰ্মীয় ৰীতি-নীতিৰে ৰাজ্য়ৰ ভিন্ন প্ৰান্তত বিহাৰী সম্প্ৰদায়ৰ ষট পূজা উদযাপন
কিন্তু সকলোৰে যেন কষ্ট বিফল হ’ল ৰিতুমণিৰ ক্ষেত্ৰত। আজি ৰিতুমণিয়ে বিদায় মাগিলে এই সংসাৰৰ পৰা। ডিব্ৰুগড় জিলাৰ ব্ৰহ্মপুত্ৰ মেডিকেলত আজি শেষ নিশ্বাস ত্যাগ কৰে ৰিতুমণিয়ে। যুৱতী গৰাকীৰ মৃত্যুত এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে শিৱসাগৰ হাঁহচৰাত।