দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত থকা নেওৱাজেছপুৰ-বৰ্মনপাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। গৰাখহনীয়াৰ ফলত ইতিমধ্যে বৰ্মনপাৰা গাঁৱৰ আধা অংশ নদীয়ে উটুৱাই নিয়াৰ পিছত এতিয়া গাঁওখন সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। গৰাখহনীয়া এইদৰে অব্যাহত থাকিলে আগন্তক দুই-তিনি মাহৰ ভিতৰত জিলাৰ সদৰ হাটশিঙিমাৰীস্থ উপায়ুক্তৰ কাৰ্যালয় তথা ভাৰত-বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ নদীৰ বুকুত বিলীন হোৱাৰ সম্ভাৱনাই গাওঁবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে।
সুখচৰ জিলা পৰিষদৰ অন্তৰ্গত মালিৰ আলগা গাঁও পঞ্চায়তৰ নেওৱাজেছপুৰ-বৰ্মনপাৰা গাঁওখনৰ প্ৰায় আধা অংশ ব্ৰহ্মপু্ত্ৰ নদীৰ বুকুত ইতিমধ্যে বিলীন হৈ গৈছে। বিশেষকৈ বৰ্মনপাৰা গাঁওখনৰ শতাধিক বৰ্মন সম্প্ৰদায়ৰ পৰিয়ালৰ ঘৰ-দুৱাৰ নদীত জাহ যোৱাৰ লগতে কেবা শ হেক্টৰ বিঘা কৃষি ভূমি, বিদ্যালয়কে ধৰি কেইবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান নদীৰ বুকুত জাহ গৈছে। ইফালে যোৱা প্ৰায় ৭ মাহ পূৰ্বে গাঁওখনত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰন কৰাত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি গছ সংগ্ৰহ কৰি ব্ৰহ্মপুত্ৰ নদীক ভেটিবৈ চেষ্টা চলাইছিল। চৰকাৰ-জনপ্ৰতিনিধি তখা জিলা প্ৰশাসনক বাৰে বাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দাবী জনাই অহাৰ পাছতো কোনো ধৰণৰ সুফল নোপোৱাত ৰাইজে নিজে নদীৰ পাৰত গছ পেলাই নদীৰ খহনীয়া ৰোধ কৰাৰ চেষ্টা কৰিছিল।
অৱশ্য এই বাতৰি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত ধুবুৰীৰ সাংবাদ মৌলানা বদৰুদ্দিন আজমল, স্থানীয় বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল তথা জিলা প্ৰশাসনৰ পৰা উপায়ুক্ত গৈ পৰিস্থিতিৰ বুজ লৈ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। নদীত পানী হ্ৰাস পোৱাৰ ফলত গৰাখহনীয়াৰ তাণ্ডৱলীলা বন্ধ হৈছিল যদিও পুনৰ বাৰিষাৰ পূৰ্বে নদীত পানী বৃদ্ধি পাবলৈ ধৰাত ভয়াহবভাৱে আৰম্ভ হৈছে খহনীয়া। ইমানৰ পিছতো বিগত ৭ মাহে জনপ্ৰতিনিধি, চৰকাৰ বা প্ৰশাসনে নেওৱাজেছপুৰ-বৰ্মনপাৰা গাঁৱত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰনৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভূগী ৰাইজে।
ইফালে সদ্য সমাপ্ত নিৰ্বাচনৰ সময়তো গাঁওখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত গৰাখহনীয়াৰ পৰিস্থিৰ বুজ ল’বলৈ এতিয়ালৈ নতুন বিধায়কজনে গাঁওখনত উপস্থিত নোহোৱাক লৈ ৰাইজে নৱনিৰ্বাচিত বিধায়ক গৰাকীকো কঠোৰ সমালোচনা আৰম্ভ কৰিছে। আগন্তক বাৰিষাৰ পূৰ্বে নদীৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নেওৱাজেছপুৰ-বৰ্মনপাৰা গাঁও সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন হৈ যোৱাটো প্ৰায় নিশ্চত বুলি ৰাইজে দাবী কৰিছে। কেবল এয়াই নহয়, এইদৰে খহনীয়া অব্যাহত থাকিলে আগন্তক দুই-তিনি মাহৰ ভিতৰত গাঁওখনৰ পৰা প্ৰায় ২ পাপকিলোমিটাল নিলগত থকা জিলাৰ সদৰ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয় ব্ৰহ্মপুত্ৰ নদীৰ ভাবুকিত পৰিব বুলি ধাৰণা কৰা হৈছে।
ইফালে জিলাখনত থকা ভাৰত-বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ প্ৰতিও চৰম ভাবুকি আহিছে। কাইটীয়া তাঁৰৰ বেৰৰ পৰা মাত্ৰ ২০-৩০ মিটাৰ নিলগত ব্ৰহ্মপুত্ৰ নদীৰ তাণ্ডৱলীলা চলি থকা পৰিলক্ষিত হৈছে। বাৰিষা অহাৰ পূৰ্বে সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ, সীমান্তপথ, শিশুমাৰা বিএছএফ কেম্প, বৰাইৰ আলগা বিএছএফ পৰীক্ষণ চকীও ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে। ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী শিশুমাৰা-কোকৰাডাঙা, নেওৱাজেছপুৰ-বৰ্মনপাৰা, বাংৰীৰচৰকে ধৰি জিলাখনৰ সুখচৰ, বৰবালু, হাজিৰহাট, পাটাকাটা, টুমনি, মনিৰচৰ, খোপাতীয়াকে ধৰি কেইবাটাও স্থানত সম্প্ৰতি ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো পাৰে নদীত পানী বৃদ্ধি পোৱাৰ ফলত গৰাখহনীয়া আৰম্ভ হৈছে। প্ৰতি বছৰ বাৰিষাৰ পূৰ্বে এনে খহনীয়া ৰোধৰ বাবে চৰকাৰ-জিলা প্ৰশাসনে ততকালীন ভাৱে প্ৰতিৰোধৰ নামত লাখ লাখ টকা আবন্টন দিয়া হয় যদিও বাৰিষাৰ সময়ত কোনোমতে খহনীয়া নিয়ন্ত্ৰণলৈ অহাৰ পিছত নদীত পানী কমিলে খহনীয়া ৰোধ হয়।
লগতে পঢ়ক : চিকিৎসালয়ৰ মজিয়া চাফা কৰিলে ক’ভিড আক্রান্ত মিজোৰামৰ শক্তিমন্ত্রীয়ে
পুনৰ নদীত পানী বৃদ্ধি পোৱাত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতো চৰকাৰে কি ৰহস্যজনক কাৰণত জিলাখনৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰে সেয়া অতিকৈ দূৰ্ভাগ্যজনক।চৰকাৰ-জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনে অঞ্চলটোৰ প্ৰতি চৰম অবহেলা কৰাৰ পিছত নেওৱাজেছপুৰ-বৰ্মনপাৰা গাঁৱৰ ৰাইজে নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমান্ত বিশ্ব শৰ্মালৈ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী তুলিছে। আগন্তক দিনত নতুন চৰকাৰে জিলাখনৰ গৰাখহনীয়াৰ ৰোধৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ’ব।