ধুবুৰী : ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনস্থ ৰাভাটাৰী গাঁও পঞ্চায়তৰ মাটিফাটা বজাৰত ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়া।গৰাখহনীয়াৰ ফলত বিগত তিনিটা দিনৰ ভিতৰত বজাৰখনৰ ১৪ টাকৈ দোকান গৃহ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যোৱাৰ লগতে বজাৰখনৰ প্ৰায় দুই শতাধিক দোকান গৃহৰ প্ৰতি ভাবুকি আহি পৰিছে। চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা বজাৰখনকে ধৰি অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে বাৰিষাৰ পূৰ্বৰ পৰাই দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ, চতলাৰপাৰ, বাউসকাটা আৰু ৰাভাটাৰী গাঁও পঞ্চায়ত এলেকাত গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিগত প্ৰায় দুটা মাহৰ ভিতৰত এই এলেকাত প্ৰায় দুই সহস্ৰাধিক পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ লগতে কেইবাটাও চৰকাৰী-বেচৰকাৰী বিদ্যালয় গৰাখহনীয়াৰ কবলত পৰি স্থানান্তৰ কৰিবলগীয়া হৈছে। এতিয়াও প্ৰতিদিনে পঞ্চায়ত চাৰিখনত ১০-১২ খনকৈ ঘৰ-দুৱাৰ নদীৰ কবলত পৰি নৈপৰীয়া লোক সকলে নিজৰ সপোনৰ ঘৰখন ভাঙি আন স্থানত স্থানান্তৰ কৰিবলগীয়া হৈছে।

ইফালে সাধাৰণ লোকৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ লগতে সমষ্টিখনৰ ঐতিহাসিক মাটিফাটা বজাৰখন সম্পূৰ্ণৰূপে গৰাখহনীয়াৰ কবলত পৰিছে। ইতমিধ্য বিগত তিনিটা দিনৰ ভিতৰত মাটিফাটা বজাৰৰ দুটা জেৰক্স হাইজ, চাৰিটা গেলামালাৰ দোকান, ২ টা চাহ দোকান, তিনিটা কাপোৰৰ দোকানৰ লগতে দুটা ষ্টেশ্বনাৰী আৰু এটা পান দোকান নদীৰ বুকুত জাহ যোৱাৰ লগতে বাউসকাটা সমবায় সমিতিৰ কাৰ্যালয়খনৰ প্ৰতি ভাবুকি আহি পৰিছে। বজাৰখনত থকা এটা মছজিদ, এটা মাদ্ৰাছা, ইদগাহ ময়দান ইতিমধ্যে নদীত জাহ গৈছে। বজাৰখনত প্ৰায় দুই শতাধিক দোকানীয়ে ব্যৱসায় কৰি উপাৰ্জনৰ পথ বাছি লৈছে। কিন্তু এই বজাৰখন এতিয়া গৰাখহনীয়াৰ ফলত সম্পূৰ্ণৰূপে জাহ গ’লে আগন্তক দিনত ব্যৱসায়ী সকলে ক’ত নতুনকৈ দোকান কৰিব তাক লৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : গোলাঘাটৰ চাউল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত একাংশ ব্যৱসায়ী লকডাউনৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰাৰ পিছত এইদৰে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই ব্যৱসায়ী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। বজাৰখন গৰাখহনীয়াৰ কবলত পৰাৰ কিছুদিন পূৰ্বে ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা অতিৰিক্ত উপায়ুক্ত এগৰাকী বজাৰখন পৰিদৰ্শন কৰাৰ লগতে খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে যদিও আজিলৈ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। একেদৰে প্ৰায় প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মী তথা স্থানীয় বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰীয়েও কেইবাবাৰো গৰাখহনীয়াৰ কবলত পৰা লোকৰ কাষত গৈ ঘৰিয়ালৰ চকুপানী টুকিয়ে দায়িত্ব সামৰা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply