দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। এসপ্তাহৰ ভিতৰত নদীৰ বুকুত জাহ গ’ল মাটিফাটা বজাৰৰ অৰ্ধ শতাধিক দোকান, খহনীয়াৰ কবলত বাউসকাটা সমবায় সমিতিৰ কাৰ্যালয়। বানৰ পিছত দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। ফকিৰগঞ্জ, পামপাৰা-চতলাৰপাৰ আৰু ৰাভাটাৰী গাঁও পঞ্চায়ত এলেকাত বিগত প্ৰায় দুই মাহৰ ভিতৰত তিনি সহস্ৰাধিক পৰিয়ালৰ ঘৰ দুৱাৰ নদীত জাহ যোৱাৰ লগতে ৰাভাটাৰী গাঁও পঞ্চায়ত এলেকাত থকা মাটিফাটা বজাৰত আৰম্ভ হৈছে ভয়ংকৰ গৰাখহনীয়া।
প্ৰায় তিনি শতাধিক ব্যৱসায়ীয়ে মাটিফাটা বজাৰত ব্যৱসায় কৰি উপাৰ্জনৰ ধনেৰে পৰিয়ালক পোহপাল দিয়ে যদিও বজাৰখনৰ গৰাখহনীয়াৰ কবলত পৰাত ব্যৱসায়ী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।মাত্ৰ এটা সপ্তাহৰ ভিতৰত বজাৰখনত থকা অৰ্ধ শতাধিক দোকান, এটা মছজিদ, মাদ্ৰাছাৰ মাটি-ভেটি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যোৱাৰ লগতে বজাৰখনৰ কাষতে থকা শতাধিক পৰিয়াল গৃহহীন হৈ চৰকাৰী প্লেটফৰ্ম, কৃষি পথাৰত আশ্ৰয় ল’বলগীয়া হৈছে। বজাখনৰ মাজমজিয়াত থকা বাউসকাটা-ৰাভাটাৰী সমবায় সমিতিৰ কাৰ্যালয় এতিয়া গৰাখহনীয়াৰ কবলত পৰিছে। সমবায় সমিতিৰ কাৰ্যালয়খন ভাঙি স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া চলি থকা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক : চাৰি দিনৰ পিছত পুনৰ ভাৰতত ৩০ হাজাৰতকৈ অধিক লোক আক্রান্ত
বজাৰখনত এতিয়া প্ৰতিদিনে প্ৰায় ৭-৮ খন দোকানৰ লগতে অঞ্চলটোত বহু পৰিয়ালৰ ঘৰ দুৱাৰ স্থানান্তৰ কৰিবলগীয়া হৈছে। দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ গাঁও পঞ্চায়ত এলেকাৰ পৰা ৰাভাটাৰী গাঁও পঞ্চায়তলৈ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে চৰকাৰ তথা ধুবুৰী জিলা উপায়ুক্তৰ ওচৰত দাবী জনাইছে। এফালে লকডাউনৰ সময়ত ব্যৱসায়ী সকলে দোকান বন্ধ ৰাখি বৃহৎ লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছিল, আনফালে গৰাখহনীয়াৰ কবলত পৰি ব্যৱসায়ী সকলে একমাত্ৰ উপাৰ্জনৰ পথ হেৰুৱাই পেলোৱাত ব্যৱসায়ী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।