দক্ষিণ শালমাৰা : ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জৰ মাটিফাটা, চতলাৰপাৰ আৰু সুৰ্যমনি গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। অঞ্চল কেইটাত বিগত ১০ দিনৰ ভিতৰত তিনি শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, মাটি-ভেটি ব্ৰহ্মপুত্ৰ নদীয়ে উটুৱাই নিয়াৰ লগতে দুখনকৈ চৰকাৰী বিদ্যালয় নদীত জাহ যোৱাৰ লগতে মাটিফাটা আৰু সুৰ্যমনি বজাৰ দুখন আৰু কেবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান গৰাখহনীয়াৰ কবলত পৰিছে।

ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি পাবলৈ ধৰাত দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন প্ৰান্তত ভয়াবহভাৱে গৰাখহনীয়া আৰম্ভ হৈছে। দিনে নিশাই এতিয়া লুইতৰ পাৰত তৰ্জন গৰ্জন শব্দৰে চপৰা-চপৰে নদীৰ পাৰ খহিবলৈ আৰম্ভ হৈছে। প্ৰতিদিনে ৪০-৫০ টাকৈ পৰিয়ালে নিজৰ নিজৰ ঘৰ নদীৰ পাৰৰ পৰা আতৰাই নিৰাপদ স্থানতলৈ ঢাপলি মেলিবলগীয়া হৈছে। বিশেষকৈ সমষ্টিখনৰ ফকিৰগঞ্জ এলেকাৰ মাটিফাটা, সূৰ্যমনি আৰু চতলাৰপাৰ এলেকাত বিগত প্ৰায় ১০ টা দিনৰ বিতৰত প্ৰায় তিনি শতাধিক পৰিয়ালে নিজৰ নিজৰ ঘৰ নদীৰ পাৰৰ পৰা ভাঙি নিৰাপদ স্থানত আশ্ৰয় ল’বলগীয়া হৈছে।

ইতিমধ্যে পৰিয়াল কেইটাৰ মাটি-ভেটি নদীৰ বুকুত বিলীন হৈ যোৱাত অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে। প্ৰতিবছৰে বাৰিষাৰ পূৰ্বে এইদৰে গৰাখহনীয়া হয় যদিও এইবাৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ইফালে চতলাৰপাৰত থকা দুখনকৈ চৰকাৰী শিক্ষা অনুষ্ঠান ক্ৰমে বাউসকাটা প্ৰজাবন্ধু এম ই স্কুল আৰু হাজিপাৰা এল পি স্কুল গৰাখহনীয়াৰ কবলত পৰাত বিদ্যালয় দুখনো স্থানান্তৰ কৰাৰ লগতে বিদ্যালয় দুখনৰ ভূমি খিনি নদীৰ বুকুত জাহ গৈছে। গৰাখহনীয়াৰ কবলত পৰা পৰিয়ালকেইটা নিজৰ নিজৰ অৱশিষ্ট সামগ্ৰী খিনি গৰু, মহৰ গাড়ী, ট্ৰেক্টৰ আদি ভাৰা কৰি চৰকাৰী প্লেটফৰ্ম, ৰাজপথ তথা খেতি পথাৰত আশ্ৰয় লবলগীয়া হৈছে।

মাটি-ভেটি হেৰুৱাই সৰ্বহাৰা পৰিয়াল কেইটা খাদ্য সংকটত ভূগিবলগীয়া হৈছে। দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়া পৰিয়ালৰ মুৰব্বী এতিয়া সপোনৰ ঘৰখনত টনা কামত ব্যস্ত হৈ থকাৰ ফলত পৰিয়ালৰ লোক অনাহাৰে ভূগিবলগীয়া হৈছে।ইফালে দুই শতাধিক দোকানেৰে গড় লৈ উঠা ঐতিহাসিক মাটিফাটা আৰু সুৰ্যমনি বজাৰ দুখনো গৰাখহনীয়াৰ কবলত পৰিছে। খহনীয়াৰ এই ভয়ংকৰ ৰূপ অব্যাহত থাকিলে আগন্তক বাৰিষাৰ পূৰ্বে নদীৰ বুকুত বজাৰ দুখন জাহ যোৱাৰ লগতে প্ৰায় সহস্ৰাধিক পৰিয়াল গৃহহনী হৈ পৰিব। মন কৰিবলগীয়া বিষয় এয়া যে যোৱা কিছুদিন পূৰ্বে গৰাখহনীয়া অঞ্চল পৰিদৰ্শনৰ বাবে স্থানীয় বিধায়ক গৰাকী আহি পৰিস্থিতিৰ বুজ লৈ যোৱাৰ পিছতো কোনো ধৰণৰ খহনীয়া প্ৰতিৰোধৰ কাম নকৰাত এইদৰে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

লগতে পঢ়ক :  অহা দুবছৰৰ ভিতৰত ৰাইজৰ দল অসমৰ আটাইতকৈ শক্তিশালী আঞ্চলিক শক্তি হৈ উঠিব : অখিল গগৈ

একেদৰে সাংসদ মৌলানা বদৰুদ্দিন আজমল সমষ্টিখনৰ পৰা নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও মৌলানা বদৰুদ্দিন আজমল আজি পৰ্যন্ত মাটিফাটা, সুৰ্যমনি তথা চতলাৰপাৰ এলেকাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিয়োগ উত্থাপন হৈছে। কেৱল নিৰ্বাচন আহিলে সমষ্টিখনত সাংসদ মৌলানা বদৰুদ্দিন আজমল হেলিকপ্টাৰ উৰুৱাই ৰাইজক চমক প্ৰদান কৰি সহজ সৰল লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে স্থানীয় একাংশ ভূক্তভূগী খহনীয়াগ্ৰস্থ লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply