মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত ব্ৰহ্মপুত্ৰ নদীৰ তাণ্ডৱ। বানৰ পিছত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। সীমান্তৰ কালাইৰ আলগাত চলি আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত মানকাচৰত বানৰ পিছতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰতি। আনকি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ।

উল্লেখযোগ্য যে সীমান্তৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰ বৰ্ডৰ জৰিয়তে প্ৰায় ৮ কোটি টকাৰ জিঅ’ বেগৰ কাম কৰা হৈছিল। দুবছৰ পূৰ্বে কাম কৰা জিঅ’ বেগ এতিয়া এটা এটাকৈ উঠি বাংলাদেশলৈ যাবলৈ ধৰিছে। ঠিকাদাৰৰ চৰম দুৰ্নীতিৰ বাবেই মানকাচৰৰ লগতে সীমান্তৰ প্ৰতি গৰাখহনীয়াৰ ভাবুকি কঢ়িয়াই আনিছে বুলি একাংশ লোকে অভিযোগ কৰিছে।

লগতে পঢ়ক –  বোকাখাতত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছসহ যুৱক আটক

ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ নদীত উঠি গ’লেই সম্পূৰ্ণ উন্মক্ত হৈ পৰিব সীমান্ত। সীমান্ত উন্মুক্ত হৈ পৰিলেই বাংলাদেশীয়ে অনায়াসে ভাৰতত প্ৰৱেশ কৰি বিভিন্ন প্ৰকাৰৰ অপৰাধমূলক কাৰ্য সংঘটিত কৰাৰ সংকাত ভুগিছে সীমান্তবাসী ৰাইজ। সীমান্তৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply