ধুবুৰী : ধুবুৰীৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ-মাটিফাটাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। বাৰিষাৰ পূৰ্বেই গৰাখহনীয়াৰ কবলত পৰি দুই শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ স্থানান্তৰ। খহনীয়াৰ কবলত চতলাৰপাৰ এম স্কুল। পাঠদানৰ পৰা বঞ্চিত হ’ব তিনি শতাধিক শিক্ষাৰ্থী।
ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ আৰু মাটিফাটা এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ বিগত কিছুদিন ধৰি অব্যাহত থকা ভয়ংকৰ গৰাখহনীয়াৰ ফলত ইতিমধ্যে দুই শতাধিক পৰিয়ালে ঘৰ-দুৱাৰ স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ লগতে শ শ বিঘা কৃষি ভূমি নদীৰ বুকুত জাহ যোৱাৰ লগতে এখন চৰকাৰী বিদ্যালয়লৈ গৰাখহনীয়াই ভাবুকি সৃষ্টি কৰাত বিদ্যালয়খনত অধ্যয়নৰত তিনি শতাধিক শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনলৈ অন্ধকাৰ নামি আহিছে।
উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানী ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। বাৰিষাৰ পূৰ্বে এইদৰে ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি পোৱাৰ লগে লগে জিলাখনৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে ভয়ংকৰ গৰাখহনীয়া। বিশেষকৈ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জ আৰু মাটিফাটা এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
ইতিমধ্যে বিগত প্ৰায় এটা মাহৰ ভিতৰত কেৱল মাটিফাটা এলেকাতেই দুই শতাধিক পৰিয়াললৈ ভাবুকি আহি পৰাত পৰিয়াল কেইটাই ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানত আশ্ৰয় লবলগীয়া হৈছে। ইতিমধ্যে নদীৰ বুকুত জাহ হৈছে শ শ বিঘা কৃষি ভূমি। মাটিফাটাত গাঁৱত থকা ৬২ বছৰীয়া চতলাৰপাৰ এম ই স্কুলখন এতিয়া গৰাখহনীয়াৰ কবলত পৰিছে। ১৯৬০ চনত স্থাপন হোৱা এই বিদ্যালয়খনত প্ৰায় ৪ শ শিক্ষাৰ্থী অধ্যয়ন কৰি আছিল।
ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ ঘৰ স্থানান্তৰ কৰাত তেওঁলোক বিদ্যালয়খনৰ পৰা নাম কৰ্তন কৰিছে যদিও বিদ্যালয়খনত এতিয়াও অধ্যয়নৰত আন ৩ শতাধিক শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনলৈ অন্ধকাৰ নামি আহিছে। যিকোনো মুহূৰ্তত বিদ্যালয়খন নদীৰ বুকুত জাহ যোৱাৰ সম্বাৱনা প্ৰকট হৈ পৰিছে। বিদ্যালয়খন নদীৰ বুকুত জাহ গ’লে পাঠদানৰ পৰা বঞ্চিত হ’ব শিক্ষাৰ্থী সকল।
লগতে পঢ়ক – ৪ বছৰীয়া কন্যা শিশুৰ ধর্ষণকাৰী ইদ্ৰিছ আলীক এনকাউণ্টাৰ
বিদ্যালয়খন স্থানান্তৰ কৰিবলৈ বিদ্যালয় পৰিচালনা সমিতিৰ হাতত নাই মাটি। ফলত অস্থায়ীভাৱে বিদ্যালয়খন বন্ধ হৈ পৰিব পাৰে। বিদ্যালয়খন বন্ধ হ’লে প্ৰায় তিনিশ ছাত্ৰ-ছাত্ৰী পাঠদানৰ পৰা বঞ্চিত হ’ব। চৰকাৰে বিদ্যালয়খন স্থানান্তৰ কৰি নতুনকৈ বিদ্যালয় স্থাপন কৰাৰ দাবী তুলিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে। একেদৰে অঞ্চলটোৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীও জনাইছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই।