গুৱাহাটী : বিশ্ববেংকৰ ধনেৰে ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব গৰাখহনীয়া প্ৰতিৰোধৰ কাম। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই জানিবলৈ দিয়ে যে ৰাজ্যৰ কেইবাখনো জিলাত ভয়াবহ ৰূপ ধাৰণ কৰা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বিশ্ববেংকৰ ধনেৰে কাম আৰম্ভ কৰিব।
অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। তেওঁ বিশ্ববেংকৰ ধনেৰে ডিচেম্বৰ মাহৰ পৰা মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং আৰু টিৰাপ নৈয়ে সৃষ্টি কৰা গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব বুলি কয়। পৰিদৰ্শন সময়ত মন্ত্ৰী হাজৰিকাক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক ভাস্কৰ শৰ্মাই সংগ দিয়ে।
লগতে পঢ়ক : পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা হৈ পৰিছে মাজুলীৰ তিনিটা কণমানি
টিৰাপ আৰু বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ ফলত ইতিমধ্যে হাজাৰ হাজাৰ বিঘা ভূমি নদীৰ বুকুত জাহ গৈছে। উল্লেখ্য যে ৰাজ্যৰ নতুন চৰকাৰখনত জলসম্পদ বিভাগৰ মন্ত্ৰীত্ব লাভ কৰাৰ পিছতে মন্ত্ৰী পীয়ুষ হাজৰিকাই গৰাখহনীয়া প্ৰভাৱিত অঞ্চল সমূহ পৰিদৰ্শন কৰি আছে।