আজাৰা : মহানগৰীত ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনাত এজন যুৱক থিতাতে নিহত। অন্য এজন যুৱক গুৰুত্বৰভাৱে আহত। চিনাক্ত হোৱা নাই নিহত যুৱকজন।
শুকুৰবাৰে পুৱাৰ ভাগত দক্ষিণ কামৰূপৰ বঙৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই
পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আহত হয় অন্য এজন যুৱক। বঙৰাৰ আমৰতলত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
লগতে পঢ়ক : নিয়োগ বাৰ্তা : আমিনগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চাকৰি
এএছ -০১-ইকিউ-৫৬৭৭ নম্বৰৰ কে টি এম বাইকত অহা যুৱক দুজনে নিয়ন্ত্ৰণ হেৰুৱাই অচিনাক্ত বাহন এখনত খুন্দা মাৰে। আহত যুৱকজনৰ ঘৰ দক্ষিণ কামৰূপৰ ৰাজাপুখুৰীত। আনহাতে নিহত যুৱক জনৰ পৰিচয় বৰ্তমানেও উদ্ধাৰ হোৱা নাই।