নগাঁও : নগাঁৱৰ এঘাৰ মাইলত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰত ৰৈ থকা ট্ৰাকত খুন্দা কেইউভি মহিন্দ্ৰা বাহন আৰু ই-ৰিক্সাৰ। পথ দুর্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আহত হয় অন্য এজন লোক।

নগাঁৱৰ এঘাৰ মাইলত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আহত হয় এজন লোক।অভাৰটেক কৰিবলৈ গৈ পথৰ ওপৰত ৰৈ থকা এখন ট্ৰাকত কেইউভি মহিন্দ্ৰা বাহন আৰু ই ৰিক্সাই খুন্দা মৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়।

পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ট্ৰাকসহ চালক পলায়ন কৰে। আনহাতে পথ দুর্ঘটনা নিহত হোৱা ব্যক্তিজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।

লগতে পঢ়ক : বৰুৱা দম্পত্তিৰ হত্যাকাৰী কোন আজি অন্তোষ্টিক্ৰিয়া,জীয়ৰী আহিল লন্ডনৰ পৰা

কেইউভি মহিন্দ্ৰা বাহনখনৰ নম্বৰ এ এছ-০৯-বি-৯৪৯৫। ৰাইজে অভিযোগ কৰে যে আৰ ডি এক্স কোম্পানীৰ ট্ৰাকসমূহ প্ৰতিদিনেই ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে ৰখাই থয়। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এইদৰে ট্ৰাক ৰখাই থোৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply