নগাঁও : ৰহাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। টাটা মোবাইল আৰু হোণ্ডা ক্রেটাৰ মাজত হোৱা সংহৰ্ষত এজন লোক নিহত হয়। শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুর্ঘটনা।
নগাঁৱৰ ৰহাৰ ডিমৌত নিশাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত এজন লোক নিহত হয়। এএছ-২৫-ডিচি-০৯৪৬ নম্বৰৰ টাটা মোবাইল মিনি ট্ৰাক এখন পথৰ কাষত ৰখাই মিনি ট্ৰাকখনৰ হেণ্ডিমেন বিষ্ণু বৰ্মনে মিনি ট্ৰাকখন মেৰামতি কৰি আছিল।
লগতে পঢ়ক : মাজুলীত AIDSO নামৰ সংগঠন টোৰ উদ্যোগত বৃহৎ প্ৰতিবাদী সমদল
তেনে সময়তে এএছ-০১-বিইউ-০০৫৫ নম্বৰৰ হোণ্ডা ক্রেটা বাহন এখনে মিনি ট্ৰাকখনক পিছফালৰ পৰা খুন্দা মাৰে। হোণ্ডা ক্রেটা খুন্দাত মিনি ট্ৰাকখনৰ তলত কাম কৰি থকা বিষ্ণু বৰ্মনৰ শৰীৰে ওপৰেৰে মিনি ট্ৰাকখন চলি যায়। চিকিৎসালয়লৈ নিয়াৰ পথত বিষ্ণু বৰ্মনৰ মৃত্যু ঘটে।