নিউজ ডেস্ক: গোৱালপাৰাত শোকাৱহ দুৰ্ঘটনা! ভয়ংকৰ দুৰ্ঘটনাটোত ৩সন্তানসহ পিতৃ-মাতৃৰ কৰুণ মৃত্যু। বলবলা গধাবৰীত ছুইফ্ট ডিজায়াৰ আৰু ইয়নৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত হয় ৩টা শিশু। চিকিৎসালয়লৈ নিয়াৰ বাটত মৃত্যু পিতৃ–মাতৃৰ।

ডবকাৰ মদাৰতলিত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত দুজন।

আন দুজনক সংকটজনক অৱস্থাত হস্পিতাললৈ প্ৰেৰণ।

বাইক আৰু পথচাৰীৰ মাজত সংঘটিত হৈ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনা গ্ৰস্ত গ্লেমাৰ বাইকখনৰ নম্বৰ হল AS02-U-1080 !

ডবকাৰ মদাৰতলী সংঘটিত দুৰ্ঘটনা

মদাৰতলিৰ গেছ কোম্পানীৰ দুজন কৰ্মচাৰীয়ে বজাৰ কৰি নিজ কোম্পানীলৈ অভিমুখে গৈ থকা সময়তে দ্ৰত বেগী বাইকৰ খুন্দাত নিহত হৈ এজন কৰ্মচাৰী।

নিহত দুজন ক্ৰমে- লালু সিং আৰু সঞ্জীৱ প্ৰসাদ দেৱ।

আনহাতে কাৰ্বি আংলঙত আজি সংঘটিত হৈ এক ভয়ংকৰ পথ দুৰ্ঘটনা। বোকাজান মহকুমাৰ খটখটি আৰক্ষী চকীৰ অন্তৰ্গত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌতমবস্তিত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত হোৱাৰ উপৰি আন তিনিজন আহত হয়।

জানিব পৰা মতে, বোকাজানৰ দিশৰ পৰা ডিমাপুৰ অভিমুখী NL-07C-8682 নম্বৰৰ বিলাসী ইক’ স্পট চাৰিচকীয়া বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই NL-07M-7011 আৰু AS-02U-1083 নম্বৰৰ দুখন বাইকত খুন্দা মৰাত AS-02U-1083 নম্বৰৰ বাইক আৰোহী সৰুপথাৰৰ আলতাফ হুছেইনৰ থিতাতে মৃত্যু হোৱাৰ উপৰি আন তিনিজন বাইক আৰোহী আহত হয়।

লগতে পঢ়ক – ভাৰতত ধৰা পৰিলে প্ৰথমটো অমিক্ৰন ভেৰিয়েণ্ট; দুজন আক্ৰান্ত

ইয়াৰ উপৰিও আজিৰ দিনটোত বোকাখাতৰ কমাৰগাঁৱত সংঘটিত হয় ভয়ংকৰ ঘটনা। এখন ডাম্পাৰৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয়। নিহত মহিলাগৰাকী সোণোৱাল গাঁৱৰ মইনা শইকীয়া বুলি জানিব পৰা গৈছে। ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন চাৰিগৰাকী লোকো। 

ডিব্ৰুগড়ৰ লাহোৱালত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন । যাত্ৰীবাহী উইংগাৰ আৰু মাৰুটি এল্ট’ৰ মাজত মুখামুখি সংঘৰ্ষ ।  দুৰ্ঘটনাটোত নিহত মাৰুটিখনৰ এগৰাকী মহিলা যাত্ৰী
গুৰুতৰভাৱে আহত আন চাৰিজন যাত্ৰী।আহত আটাইকেইজনকে ভৰ্তি কৰোৱা হৈছে AMCHত । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply