বোকাখাত; উত্তম কুমাৰ শৰ্মা : কাজিৰঙাত আজি সংঘটিত এক পথ দুৰ্ঘটনাত পৰিয়ালসহ যোৰহাটৰ অতিৰিক্ত উপায়ুক্তৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

কাজিৰঙাৰ বাগৰীৰ গ্ৰীন আচিয়ানা হোটেলৰ নিচেই কাষত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো।

ঘটনা অনুসৰি যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰৰ AS 03AB9015 নম্বৰৰ ইন’ভা বাহনখনত AS25 DC 7537 নম্বৰৰ এখন মালবাহী ট্ৰাকে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে।

জানিব পৰা মতে বিশেষ ছুটিৰ বাবে স্বামী আৰু পুত্ৰ-কন্যাসহ সময় অতিবাহিত কৰিবলৈ যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে একেদিশে গৈ থকা মালবাহী ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মৰাৰ ফলতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।

লগতে পঢ়ক – প্ৰধান মন্ত্ৰীৰ পঞ্জাব বিপত্তি; উচ্চ পৰ্য্যায়ৰ তদন্ত কমিটি গঠন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply