লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ মিলনপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা এক পথ দুৰ্ঘটনাত এজন যুবকৰ মৃত্যু হয়।
যোৱা নিশা হোৱা দূৰ্ঘটনাত মৃত্যু হোৱা কিশোৰ জনৰ নাম নিকাশ মিলি। তেওৰ বয়স ১৬ বছৰ বুলি পৰিয়ালৰ সুত্ৰই জানিবলৈ দিয়ে।

এই ঘটনাত অন্যজন স্কুটি আৰোহী গুৰুত্বৰভাৱে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত হোৱা জনৰ নাম প্ৰাঞ্জল পায়েং।


এ এছ ০৭ এছ ২০৯৫ নম্বৰৰ স্কুটিখনক কোনো অচিনাক্ত বাহনে খুন্দা মৰাৰ ফলত চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ কঠালগুৰিৰ নিবাসী ৰমেশ মিলিৰ পুত্ৰ নিকাশ মিলিৰ থিতাতে মৃত্যু ঘটে। আৰু প্ৰাঞ্জল পায়েং নামৰ আনজন স্কুটি আৰোহী গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply