মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নতুন দলং সমীপত দেওবাৰে বিয়লি এখন অ’ট আৰু বাজাজ পালছাৰ বাইকৰ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি মাৰ্ঘেৰিটা ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰে এ আৰ ১২- ৯১৩৮ নম্বৰ বাইকখনে মাৰ্ঘেৰিটা পৰা ডিগবৈ অভিমুখে তীব্ৰ বেগেৰে একে দিশত গৈ থকা এ এছ ২৩ জি ১৫৮৫ নম্বৰ অ’ট খনৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰাৰ সময়তে প্ৰচণ্ডযোৰে খুন্দা মৰাৰ ফলত অ’ট খনৰ চালক বিক্ৰম ভট্টাচাৰ্য থিতাতে নিহত হোৱাৰ বিপৰীতে বাইক চালক জন কম বেচি পৰিমাণে আঘাত প্ৰাপ্ত হয়।
ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰোণত্তৰ পৰীক্ষা ব্যৱস্থা কৰাৰ লগতে বাইক খনৰ চালকৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে। সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ যে বিক্ৰম ভট্টাচাৰ্য অঞ্চলটোৰ এজন পুৰনি অ’ট চলক আছিল।
মাৰ্ঘেৰিটা বুঢ়িদিহিং অ’ট সন্থাই সমগ্ৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। মাৰ্ঘেৰিটা ভিনাৰমিল নিবাসী বিক্ৰম ভট্টাচাৰ্যই কিছুদিন পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। বিক্ৰমৰ মৃত্যুত ভিনাৰমিল বজাৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।