মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত আজি সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। লেখাপানী ৩১৫ নং ৰাষ্টীয় ঘাই পথত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এটি ৬ বছৰীয়া কিশোৰী।

প্ৰাপ্ত খবৰ অনুসৰি লিডুৰ পৰা জাগুন দিশলৈ তীব্ৰ বেগে গৈ থকা এখন পাঞ্জাৱ বডী ট্ৰাক(এছ ০১ ডিডি ১৯৫৭)ৰ খুণ্ডাত ৰিতিকা কৰ্মকাৰ নামৰ কিশোৰী গৰাকী থিতাতে নিহত হয়। লেখাপানী গোমা মন্দিৰৰ সমীপৰ ঘৰৰ সমুখত খেলি থকা অৱস্থাত কিশোৰী গৰাকী ঘাইপথটো পাৰ হওতেই সংঘটিত হয় এই দুঘটনাটো।

দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকসহ চালকে আত্মসমপন কৰে লেখাপানী আৰক্ষী থানাত। অন্যহাতে এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি পাঞ্জাৱ বডী ট্ৰাক খনে অবৈধ কয়লা সৰবৰাহ কৰিবলৈ আহিছিল। কিশোৰী গৰাকীৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

ইতিমধ্যে লেখাপানী আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। অন্যহাতে এনে তীব্ৰ বেগী ট্ৰাকক নাকী লগাবলৈ স্থানীয় ৰাইজে দাবী জনাইছে

লগতে পঢ়ক – পুনৰ মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply