নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে এখন বেটেৰী ৰিক্সা।
উল্লেখ্য যে মুকালমুৱাৰ পৰা চতেমাৰীলৈকে গৈ থকা অৱস্থাত সাপকাটাত নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে বেটেৰী ৰিক্সাখন।
ফলত বেটেৰী ৰিক্সাখনত থকা ৪ জনকৈ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। যাত্ৰীকেইগৰাকী চতেমাৰী গাৱঁৰ দেবেন দাস(৪০), ৰুণু দাস(৪২), ধুনু তালুকদাৰ( ৩৮) আৰু শুক্লেশ্বৰ তালুকদাৰ(২৩) বুলি জানিব পৰা গৈছে।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দেবেন দাসক প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।