নাজিৰা : নাজিৰাৰ গেলেকীত এক ভয়ংকৰ পথ দুৰ্ঘটনাসংঘটিত হৈছে। পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হৈছে। নিহত লোকৰ জনৰ নাম ৰাজেন শইকীয়া বুলি জানিব পৰা গৈছে। গুৰুত্বৰভাৱে আহত হৈছে তিনিজনলৈ লোক।
শিৱসাগৰ জিলাৰ নাজিৰাৰ অন্তৰ্গত গেলেকীত সোমবাৰে নিশাৰ ভাগত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। বিবাহ যাত্ৰী বাহন এখনে কেইবাজনো লোকক মহতিয়াই নিয়াত এখন লোক থিতাতে নিহত হোৱাৰ লগতে তিনিজনকৈ লোক গুৰুত্বৰভাৱে আহত হয়।
জানিব পৰা মতে বিবাহ যাত্ৰী কঢ়িয়াই অনা এখন বাহনে দ্ৰুত গতিত আহি পথৰ দাঁতিত ৰৈ থকা কেইবাজনো ব্যক্তিক কেইবাটাও স্থানত মহতিয়াই আহি অৱশেষত গেলেকী কল গাঁৱৰ নিবাসী ৰাজেন শইকীয়া নামৰ এজন ব্যক্তিক খুন্দা মাৰে। বাহন খনৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু ঘটে ৰাজেন শইকীয়া নামৰ লোক জনৰ।
দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোক তিনিজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে দুর্ঘটনা সংঘটিত কৰিয়ে বিবাহ যাত্ৰী বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে দুর্ঘটনা সংঘটিত কৰা এএছ-০৪-এক্স-৫০২০ নম্বৰৰ বিবাহ যাত্ৰী বাহনখন জব্দ কৰিছে।