কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তৱৰ্তী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ নোনাপাৰত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত থিতাতে নিহত হয় এজন। গুৰুতৰ ভাৱে আহত হয় দুজন।

নলবাৰী দিশৰ পৰা অহা AS 01MC 9672 ব্ৰইলাৰ ভৰ্তি বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱায় প্ৰচণ্ড জোৰে খুন্দা মাৰে নোনা নৈৰ ওপৰত থকা দলঙৰ ৰেলিংত। ফলত মূহূৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ পৰে ব্ৰইলাৰ ভৰ্তি বাহণখন।
পিছত ততাতয়াকৈ ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ বাহনখনৰ পৰা তিনিজনকৈ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এজনৰ ইতিমধ্যেই ঘটনাস্থলীতে মৃত্যু হয়।

আহত দুজনক সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে মৃত লোকজন তথা গুৰুতৰভাৱে আহত লোক দুজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply