নগাঁও: নগাঁও জিলাৰ চামগুৰিৰ আমবাগানত দেওবাৰে এটা শোকাবহ পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ক্ষুদ্ধ স্থানীয় ৰাইজে টায়াৰ জ্বলাই অৱৰোধ কৰিলে নগাঁও-নলতলি ৰাজ্যিক ঘাইপথ।
আমবাগানৰ অমৰ চাৰিআলিত মাৰুতি কাৰ আৰু বাইকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত নিহত হয় এজন যুবক।
নিহত যুৱক জন চামগুৰি লাইলুৰিৰ ছৰিফুল ইছলাম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
দূৰ্ঘটনা প্ৰৱণ অঞ্চলটোত প্ৰশাসনে পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি গতিৰোধকৰ ব্যৱস্থা নকৰাক লৈ ক্ষুন্ন হৈ পৰে ৰাইজ।
গতিৰোধক প্ৰদানৰ দাবীত ৰাজপথত ৰাইজে কৰা প্ৰতিবাদৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি পথছোৱাৰ দুয়ো দিশে।দীৰ্ঘসময় ধৰি পথ অবৰোধ হৈ থকাৰ পিছত আৰক্ষীয়ে পথচোৱা মুকলি কৰিবলৈ সক্ষম হয়।
চামগুৰিত পথ দূৰ্ঘটনাক কেন্দ্ৰ কৰি উতপ্ত পৰিস্থিতি
ৰাজপথ অবৰোধ কৰি ৰাইজে কৰিলে প্ৰতিবাদ
