সোণাৰিত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুগৰাকী বাইক আৰোহী।
AS04BC6892 নম্বৰৰ এখন টাটা এচিক খুন্দিওৱাৰ ফলত গুৰুতৰভাৱে আহত তীব্ৰ বেগী বাইক আৰোহী।
বিপৰীত দিশৰপৰা তীব্ৰ বেগেৰে আহি টাটা এচি খনত খুন্দা মৰা বাইকখনৰ নম্বৰ AS 04 W 8643।
দূৰ্ঘটনাত পতিত বাইক আৰোহী দ্বয় ফামকে কন্যাক আৰু পিটুছ দাস। ফামকে কন্যাক নামৰ যুৱতী গৰাকীৰ লগতে যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুয়ো বৰ্তমান চিকিৎসাধীন হৈ আছে।
সোণাৰিৰ সূৰুয নগৰত সংঘটিত এই দূৰ্ঘটনাত পতিত ফামকে কন্যাকৰ ঘৰ নগালেণ্ডৰ মন জিলাত আৰু পিটুছ দাসৰ ঘৰ কাৰ্বি আংলং জিলাৰ ডিফুত বুলি জানিব পৰা গৈছে।