পথ দুৰ্ঘটনা

টীয়ক: যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত মুদৈজান তিনিআলিৰ সমীপত আজি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা মতে শিৱসাগৰ অভিমুখী NL-07-A-0447 নম্বৰৰ ট্ৰাক এখনে বিপৰীত দিশৰ পৰা অহা AS-25-BC-1904 টাটা এচি এখনৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হোৱাৰ ফলত এচিখনৰ হেণ্ডিমেনসহ চালকৰ থিতাতে মৃত্যু হয়।

নিহত দুজনৰ ঘৰ জাগীৰোডত বুলি জানিব পৰা গৈছে যদিও এই পৰ্যন্ত নাম জানিব পৰা হোৱা নাই।
টীয়ক আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

লগতে পঢ়ক ৰাজ্য চৰকাৰৰ নতুন এছ ও পিয়ে ক্ষতি কৰিছে গো-পালকসকলক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply