স্মৃতি প্ৰিয়া লাহন,টীয়ক: টীয়কৰ বাদুলিপুখুৰীত আজি নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।
যোৰহাট অভিমুখে গৈ থকা AS-03-AC-1973 নম্বৰৰ মেজিকখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ সৈতে মুখমুখী সংঘৰ্ষ হয়।
দুৰ্ঘটনা গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হোৱা মেজিক খনৰ আৰোহী মিথুন কৰ্মকাৰ,ৰবীনা কৰ্মকাৰ,সোণমণি ঘাটোৱাৰ,বিপুল ঘাটোৱাৰ,সীমা ঘাটোৱাৰ,তৰুণ ঘাটোৱাৰক ততাতৈয়াকৈ টীয়ক আৰক্ষীৰ সহযোগত টীয়ক FRU লৈ নিয়া হয়।
টীয়কৰ ৰাজৈ হাতখোলা লক্ষ্মীবাৰী অঞ্চলৰ পৰা বলমালৈ গৈ আছিল মেজিক খনৰ ব্যক্তিসকল।
মেজিকখনত থকা কেইবাটাও শিশুও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে।মেজিকখনত ১২ জনকৈ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। ট্ৰাকখনৰ নম্বৰ RJ-13-GB-3832।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply