স্মৃতি ৰেখা লাহন, টীয়ক: টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলীয়াপানীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে দুপৰীয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱকৰ নিহত হয় ।
নিহত যুৱকজনৰ নাম পৰাগ জ্যোতি শইকীয়া বুলি জানিব পৰা গৈছে।৩০বছৰীয়া যুৱকজনৰ ঘৰ টীয়ক ৰজাবাৰী নামচুক গাঁৱত।
আৰু পঢ়কঃবাধাগ্ৰস্ত সকলৰ অধিকাৰ আইন, ২০১৬ সম্পৰ্কে সজাগতা অভিযান
মটৰ চাইকেলৰে আহি থকা অৱস্থাত এখন বাহনে মহতিয়াই থৈ যোৱাত যুৱকজন গুৰুতৰ ভাৱে আহত হয় ।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক টীয়ক এফ আৰ ইউলৈ আনে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।ঘটনা সংঘটিত কৰি বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
ইতিমধ্যে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰু তদন্ত অব্যাহত ৰাখিছে।