তেজপুৰ: এটা দুঘটনাক কেন্দ্ৰ কৰি আজি তেজপুৰ নগৰত উত্তেজনা বিৰাজ কৰে । তেজপুৰ নগৰৰ ত্ৰিবেণী চকৰ পদপথৰ দোকানী এজনক মহতিয়াই নিয়ে দ্ৰুতবেগী বাছ এখনে ।
বাছৰ খুন্দাত আলি আকৱৰ নামৰ পান দোকানী এজন নিহত হয়। মামনি নামৰ বাচ খনৰ (নম্বৰএচ ১২ এচি ৯৯৬৪) খুন্দাতেই দোকানী জনৰ মৃত্যু হয় ।
নিহত লোকজনৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত তেজপুৰত পথ অৱৰোধ কৰে প্ৰতিবাদী ৰাইজে। ঘটনাক লৈ তীব্ৰ উত্তেজনা সৃষ্টি কৰে তেজপুৰত । মৃতদেহ লৈ পথ অৱৰোধ কৰে স্থানীয় ৰাইজে ।
যান বাহন সমূহ দ্ৰুত বেগত চলাৰ বাবেই তেজপুৰ নিতৌ দূৰ্ঘটনাৰ ঘটনা সংঘটিত হৈ আহিছে।
লগতে পঢ়ক- নিমাতী-মাজুলী অভিমুখী ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জপিয়ালে যুৱকে