গুৱাহাটী : মহানগৰী গুৱাহাটীত ভয়ংকৰ পথ দুর্ঘটনা। হাইড্ৰা বাহনৰ তলত এখন পালচাৰ বাইক সোমাই পৰাত থিতাতে নিহত হয় এজন। পালচৰ বাইকখনৰ চালকজন নিহত হয়।

সোমবাৰে দিনৰ ভাগত গুৱাহাটীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। আইএছবি টিৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা।

এএছ-০৭-বি-৪৩৫৪ নামৰৰ পালচাৰ বাইকৰ চলকজন নিয়ন্ত্ৰণ হেৰুৱাই বিআৰ-২৮-জিএ-০৪২১ নম্বৰৰ হাইড্ৰা বাহনৰ তলত সুমাই পৰে। দুর্ঘটনা বাইক চালকজন থিতাতে নিহত হয়।

লগতে পঢ়ক :  ৰংজুলীত ভস্মীভূত তিনিখনকৈ দোকান

আৰক্ষীয়ে বাইক চলকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। পথ দুৰ্ঘটনাত নিহত হোৱা লোকজন লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ সুধীৰ ৰায় বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply