গুৱাহাটী : অসমত বিগত ৩ বছৰত (২০১৮-২০২০) ২৩,১৯১ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু উক্ত দুৰ্ঘটনাসমূহত ৮,৮০৩ জন লোকে প্ৰাণ হেৰুৱাইছে। লক্ষ্যণীয়ভাৱে মৃত্যু হোৱা অন্ততঃ ৫৬ শতাংশ লোকৰ বয়স ১৮ৰ পৰা ৩৫ বছৰৰ ভিতৰত।

মঙলবাৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক পথ সুৰক্ষা পৰিষদৰ বৈঠকত উক্ত তথ্য প্ৰকাশ পায়।

উক্ত পথ দুৰ্ঘটনাসমূহৰ ভিতৰত ৬,১৪৯ টা দুৰ্ঘটনা দুচকীয়া বাহনত সংঘটিত হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। মন কৰিব লগীয়া যে প্ৰায় ৭৫ শতাংশ দুৰ্ঘটনায়ে তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে সংঘটিত হৈছে।

বৈঠকত মন্ত্ৰী পাটোৱাৰীয়ে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ভঙা গাঁত, পথৰ দাঁতিত থকা ক্ৰেছ গাৰ্ড, প্ৰতীক চিহ্ন, ৰাম্বল ষ্ট্ৰিপ আদি মেৰামতি কৰিবলৈ নিৰ্দেশ দিছে।

‘‘২০২০ চনৰ ৩১ ডিচেম্বৰৰ আৰু ২০২১ চনৰ ১ জানুৱাৰীত ৬৯ টা পথ দুৰ্ঘটনাত ২৯ জন লোক নিহত হৈছিল। আহক ট্ৰেফিক নিয়ম পালন কৰি আমি ২০২২ চনত অসমক পথ-দুৰ্ঘটনাৰ পৰা মুক্ত কৰাৰ প্ৰতিজ্ঞা লওঁ,’’ তেওঁ কয়।  

লগতে পঢ়ক : অসম লোকসেৱা আয়োগত ৫১ টা পদত নিযুক্তি সৃষ্টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply