মাটিফাটা বজাৰৰ পৰা শালকাটা বজাৰলৈ যোৱা ৰাস্তাটোৰ জৰাজীৰ্ণ ৰূপ

মানকাচৰ: দক্ষিণ শালমাৰা সমষ্টিৰ মাটিফাটা বজাৰৰ পৰা শালকাটা বজাৰলৈ ২.৫৫২ কিঃমিঃ ৰাস্তা ৫ বছৰৰ মেৰামতিৰ বাবে ২০১৮/১৯ বিত্তীয় বৰ্ষত গড়কাপ্তানী বিভাগৰ PMGSY আঁচনিৰ অধীনত ১৫.০৩ লাখ টকা আৱণ্টন দিছিল৷ উক্ত কামটোৰ ঠিকা লাভ কৰিছিল ফয়জাল হক নামৰ ঠিকাদাৰ এজনে৷

উল্লেখ্য য়ে, এই একেটা পথ অৰ্থাৎ মাটিফাটা বজাৰৰ পৰা শালকাটা বজাৰলৈ যোৱা পথটোৰ বাবে দুনাই গড়কাপ্তানী বিভাগটোৱে SOPD আঁচনিৰ অধীনত ২০১৯/২০ বিত্তীয় বৰ্ষত মেৰামতিৰ বাবে প্ৰায় ৬৭ লাখ টকা আৱণ্টন দিয়া পৰিলক্ষিত হয়৷ এই কামটোৰ ঠিকা লাভ কৰে আহমেদ নুৰ আলম নামৰ এজন ব্যাক্তিয়ে৷ এই কামটো কৰাৰ বাবে ঠিকা লাভ কৰা ঠিকাদাৰ দুজনৰ ভিতৰত এজনেও সঠিক ভাবে কাম নকৰাৰ বাবে ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰে৷

কিন্ত বৰ পৰিতাপৰ বিষয় য়ে চৰকাৰে এটা ৰাস্তাৰ বাবে বছৰে বছৰে ইমান টকা আৱণ্টন দিয়াৰ পিছতো কিয় সঠিক ভাবে ৰাস্তাৰ কাম নহয়৷ ৰাইজে অভিযোগ কৰা মতে ৰাস্তাৰ কাম লোৱা ঠিকাদাৰ সকলে ভালভাৱে ৰাস্তাৰ কাম নকৰে গতিকে চৰকাৰে এই ঠিকাদাৰ সকলোৰ লাইচেঞ্চ বাতিল কৰিব লাগে বুলি মত পোষণ কৰে৷ এই অঞ্চলৰ ৰাইজে কিমান কষ্ট কৰি অহাযোৱা কৰি আছে সেই দৃশ্য দেখি আপুনিও ভাবিবলৈ বাধ্য হব য়ে কি কৰি আছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ গড়কাপ্তানী বিভাগৰ ঠিকাদাৰ সকলে৷

এই দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ সকলোক চৰকাৰ তথা জিলা প্ৰশাসনে নাকিলগাব পাৰিবনে ? চৰকাৰ তথা জিলা প্ৰশাসনে এই ঠিকাদাৰ সকলোৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত হে হব লক্ষণীয়৷

লগতে পঢ়ক অসম পুলিচ বেটেলিয়ান জোৱান নিৰুদ্দেশ,এসপ্তাহে খবৰ নাই বিভাগৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply