স্মৃতি ৰেখা লাহন, টীয়ক : টীয়কৰ অন্যতম গুৰুত্বপূৰ্ণ পথ চিকিৎসালয় পথত এজাক বৰষুণতে পথৰ ওপৰত পানী জমা হৈ পথাচাৰীক জলাকলা খুৱাইছে।লোকনিৰ্মাণ বিভাগে যোৱা বছৰ পথছোৱাৰ কেৱল দাঁতিছোৱাহে মেৰামতি কৰাত পথটোৰ মাজ অংশ দ হৈ গৈছে।
লগতে পথটোৰ সোঁ মাজতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ এডাল পাইপ ফাটি যোৱা এৱছৰ হ’ল।স্থানীয় ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগক বহু বাৰ আবেদন জনোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগটোৱে। লোকনিৰ্মাণ বিভাগৰ দ্বাৰাও পাইপ ডাল মেৰামতি বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক জনোৱা হৈছিল যদিও বিভাগসমূহৰ মাজত বুজা পৰা নথকাৰ ফলস্বৰূপে এই পৰ্যন্ত ইয়াৰ মেৰামতি নহ’ল।
ফলত ফটা পাইপেৰে পানী নিৰ্গত হৈ পথ চোৱা বিধস্ত হৈ পৰিছে। তিনিখনকৈ স্কুল আৰু চিকিৎচালয়লৈ অহা যোৱা কৰা এই পথটিৰ বিধস্ত ৰূপে যাতনা ভোগাইচে ৰাইজক।ইপিনে পথটোত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈও গ্ৰাহক অহা যোৱাত যথেষ্ট অসুবিধাত পৰিছে।
লগতে পঢ়ক ৰঙিয়াৰ উলুবাৰীত বাঢ়নী পানীয়ে ভাঙিল এটি চৰকাৰী পথ
টীয়ক পৌৰসভাক বিগত সময়ত স্থানীয় ৰাইজে পানী নিষ্কাশনৰ বাবে নলা নিৰ্মাণ কৰিবলৈ বহুবাৰ অনুৰোধ জনাইছিল যদিও এই পৰ্যন্ত পৌৰসভাই পানী নিষ্কাশন কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।সেয়ে অনতি পলমে এই পথছোৱা মেৰামতি কৰিবলৈ বিভিন্ন দল সংগঠনে এতিয়া দাবী জনাইছে।