নগাহাট-লাহদৈগড় সংযোগী বৰচুক পথ

সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বাট-পথৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া ৰাইজক জ্বলাকলা খুৱাইছে। বাৰিষাৰ আৰম্ভণিতে এই সমূহ বিধ্বস্ত পথ এতিয়া বোকা-পানীৰে ভৰি পৰাত সমস্যাৰ সন্মুখীন হৈছে জনতা।

সোণাৰিৰ সাপেখাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণালী গাঁও পঞ্চায়তৰ তেনে এটা ৰাস্তা দীৰ্ঘদিন ধৰি নিৰ্মাণ নকৰাৰ ফলত সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে পঞ্চায়ত খনৰ নগাহাট-লাহদৈগড় সংযোগী একমাত্ৰ বৰচুক পথটোৰে এশৰোধিক পৰিয়ালে বছৰ বছৰ ধৰি অহা-যোৱা কৰি আহিছে।

শেহতীয়াকৈ এই পথটোৰ কিছু অংশ নিৰ্মাণ কৰিছিল যদিও সম্পূৰ্ণ নিৰ্মাণ নকৰাৰ ফলত বাৰিষা অহাৰ লগে লগে বোকা-পানীৰে ভৰি পৰিছে। আনহাতে পথটো নিৰ্মাণৰ বাবে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো আজিলৈকে পঞ্চায়ত কৰ্তৃপক্ষই এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

লগতে পঢ়ক ”মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ২দিনৰ ভিতৰতেই সিদ্ধান্ত লোৱা হ’ব -ডাঃ ৰনোজ পেগু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply