দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয় দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় সেৱা যোজনাৰ হাটশিঙিমাৰী গোটৰ উদ্যোগত এনএছএছ দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এনএছএছৰ হাটশিঙিমাৰী গোটৰ কাৰ্যনিৰ্বাহক বিষয়া ড০ মোঃ আব্দুল কৰিম সেখৰ নেতৃত্বত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এনএছএছ দিৱস পালন কৰা হয়। এনএছএছ দিৱস উপলক্ষে মহাবিদ্যালয়খনৰ চৌহদত পথ সুৰক্ষাক লৈ এখন বাটৰ নাট প্ৰদৰ্শন কৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। আনহাতে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় সেৱা যোজনা কি আৰু এই আঁচনি কিয় গঠন কৰা হৈছে তাক লৈ এখন সভা অনুষ্ঠিত হয়।

হাটশিঙিমাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ ছাহেৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলাখনৰ অধীনত থকা সুখচৰ জিলা পৰিষদৰ সদস্যাৰ অভিভাৱক আবু ইউছুফ জাকাৰীয়া। আনহাতে বিশিষ্ট অতিথি হিচাপে সুখচৰ এছ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয়া শিক্ষক আব্দুৰ ৰেজ্জাক, হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক শ্বৰিফুজ্জামান আকন্দ, অৰ্থনৈতিক বিভাগৰ প্ৰবক্তা শ্বাহানুৰ ইছলাম আহমেদ, বুৰঞ্জি বিভাগৰ প্ৰবক্তা ছামছুল আলম সেখ, জীৱ বিদ্যা বিভাগৰ মুৰব্বী সহকাৰী অধ্যাপক আব্দুল জলিল, আৰৱী বিভাগৰ প্ৰবক্তা ড০ আব্দুল ওৱাহাব, হাটশিঙিমাৰী মেগনেট একাডেমীৰ বিষয়া শিক্ষয়িত্ৰী মৰমি বেগম, গ্ল’বেল ইডুকেশ্বন এণ্ড টেক্নো ওৱাৰ্লডৰ মেনেজিং ডিৰেক্টৰ নাজিৰ হুছেইন মোল্লা উপস্থিত থাকি এন এছ এছ সম্পৰ্কে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক ভাষণযোগে অৱগত কৰায়।

লগতে পঢ়ক : দক্ষিণ-শালমাৰাত গৃহৰক্ষী জোৱান গ্ৰেপ্তাৰ

হাটশিঙিমাৰী এনএছএছ গোটৰ কাৰ্যবাহী বিষয়া ড০ মোঃ আব্দুল কৰিম সেখ ভাষণ প্ৰসংগত প্ৰকাশ কৰি কয় যে এনএছএছ এনে এটা আঁচনি যত প্ৰতিজন সদস্যই উপলব্ধি কৰি লাগে যে “মই মোৰ বাবে নহয়, মই আপোনাৰ বাবেহে”। এই মুলমন্ত্ৰ অনুকৰণ কৰিলেহে এনএছএছৰ প্ৰতিজন সদস্য এই সমাজখনৰ সংস্কাৰ কৰিব পাৰিব। তদুপৰি এই আঁচনিৰ জৰিয়তে শিক্ষাৰ্থী সকলে নিজকে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এনএছএছে বিশেষ ভূমিকা গ্ৰহণ কৰে বুলিও কাৰ্যনিৰ্বাহক বিষয়া জনে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply