গুৱাহাটী : সুধাকণ্ঠ ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” গীতটি বাঁহীৰ সুৰত তুলি ধৰি পথ-সুৰক্ষা আৰু সজাগতাৰ বাবে ৰাইজলৈ এক ব্যতিক্ৰম আহ্বান জনালে বিশিষ্ট বাঁহীবাদক তথা আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী দীপক শৰ্মাই। উল্লেখ্য যে,পথ সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক সজাগতা আৰু জনসচেতনতাৰে ৰাজ্যত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যুৰ সংখ্যা হ্ৰাস কৰাত অধিক গুৰুত্ব দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ অহা ৩১ ডিচেম্বৰত যাতে ৰাজ্যত এটাও পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু সংঘটিত নহয় সেই সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজক সজাগ আৰু সচেতন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ প্ৰতি নিজকে সকলোৰে পৰিয়ালৰ এজন সদস্য বুলি উল্লেখ কৰি অতি বিনয়েৰে আহ্বান জনাইছে।

মুখ্যমন্ত্ৰী গৰাকীৰ এই ব্যতিক্ৰম আৰু গুৰুত্বপূৰ্ণ আহ্বানত সক্ৰিয় হৈ ইতিমধ্যেই ভাগে ভাগে সজাগতা অনুষ্ঠান আয়োজন কৰি জনসাধাৰণৰ মাজত ব্যাপক সচেতনতা সৃষ্টি কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। ইয়াৰে অংশ হিচাপে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত শনিবাৰে নিশা অনুষ্ঠিত সজাগতা অনুষ্ঠানটিত পোনতেই পৰিবহণ বিষয়াগৰাকীয়ে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ প্ৰতি অতি বিনয়েৰে আগবঢ়োৱা গুৰুত্বপূৰ্ণ আহ্বানৰ মহত্বৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি তাৰ ক্ষীপ্ৰ সমাধানত মনোনিৱেশ কৰাৰ লগতে ৰাজ্যবাসীক এটা আপোন পৰিয়ালৰ দৰে হৃদয়ঙ্গম কৰা বাবেই অতি আন্তৰিকতাৰে এই পথ সুৰক্ষাৰ আহ্বান জনাইছে।

বৰ্তমান সময়ত পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যুয়ে এক ভয়ংকৰ ৰূপধাৰন কৰিছে৷ সেয়ে পৰিবহণ বিষয়াগৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীৰ আহ্বানৰ গুৰুত্ব উপলব্ধি কৰি পথ সজাগতাৰ বাবে সৰ্বস্তৰৰ ৰাইজক সচেতন হ’বলৈ কৰযোৰে প্ৰাৰ্থনা জনায়। বিশিষ্ট শিল্পী দীপক শৰ্মাই ৰাজ্যত বিভিন্ন সময়ত পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সজাগতা অনুষ্ঠানটিৰ শুভাৰম্ভ কৰি পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু ৰোধত সকলোৰে সহযোগিতা আহ্বান কৰে৷ ইয়াৰ লগে লগে মহানগৰীৰ নামঘৰীয়া সমাজৰ কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি তাল, খোল আৰু নাগাৰা বজাই মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰে।

লগতে পঢ়ক :  সমাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনকলৈ তৎপৰ বিজেপি দল

উল্লেখ্য যে পৰিবহণ বিভাগৰ এই সজাগতা অনুষ্ঠানৰ গুৰুত্ব অনুভৱ কৰি ৰাইজৰ মাজৰ পৰা ইজন সিজনকৈ আগবাঢ়ি আহি অনুষ্ঠানটিত অংশগ্ৰহন কৰা বিশিষ্ট লোকসকলক আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা আহ্বান আখৰে আখৰে পালনৰ বাবে অঙ্গীকাৰবদ্ধ হয়। চিত্ৰশিল্পী পৰাণ বন্তি দেৱী, এচিপি নীলোৎপল ডেকা, শিল্পী দীনেশ দাস, চানমাৰি ডিভিজনৰ যান বাহন শাখাৰ উপ পৰিদৰ্শক দীপক শইকীয়ায়ো সভাত উপস্থিত থাকি ভাষন দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply