আমিনগাঁও : কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত মঙলবাৰে কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ চলিত বৰ্ষৰ চতুৰ্থ তথা অন্তিমখন বৈঠক অনুষ্ঠিত হয়৷ পৰিবহন, আৰক্ষী, ৰাষ্ট্ৰীয় ঘাইপথ, স্বাস্থ্য, শিক্ষা, লোক নিৰ্মাণ, খাদ্য-অসামৰিক যোগান, তথ্য আৰু জনসংযোগ আদি বিভাগৰ লগতে বীমা কোম্পানীৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ দত্ত গোস্বামীয়ে৷

জিলা পৰিবহন বিষয়া তথা জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব ৰূপজ্যোতি কলিতাই তেওঁৰ আদৰণি ভাষণত পথ সুৰক্ষা সমিতিয়ে যোৱা সভাত গৃহীত প্ৰস্তাৱসমূহ সম্পৰ্কত অৱলোকন কৰি এই ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বিষয়ে অৱগত কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে অনুৰোধ জনায়৷ আনহাতে জিলাখনত সামগ্ৰিকভাৱে বিশেষকৈ সমাগত ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ দিন দুটা যাতে দুৰ্ঘটনা নোহোৱাকৈ পাৰ কৰিব পাৰি তাৰ বাবে সম্ভৱপৰ সকলো প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷

সভাত ইতিমধ্যে জিলাখনৰ বিভিন্ন বনভোজ স্থলী, হেলমেট পৰিধান, যিকোনো যাত্ৰাত বিশেষকৈ গাড়ী চালকে মদ্যপানৰ পৰা বিৰত থকা আদি সম্পৰ্কত সজাগতা সৃষ্টি কৰিবলৈ বেনাৰ, পোষ্টাৰ আদি আঁৰি দিয়াৰ উপৰি সজাগতামূলক পত্ৰিকা বিতৰণ কৰা হৈছে বুলি সভাত অৱগত কৰা হয়৷ আনহাতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে জিলা পৰিবহন, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে মিলি বিভিন্ন স্থানত সুৰাপায়ী গাড়ী চালক বিৰোধী অভিযানো চলাই আছে৷ তদুপৰি চক্ৰবিষয়া সকলৰ নেতৃত্বত গঠন কৰা সমিতিসমূহেও এই ক্ষেত্ৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে৷ সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্যান্য ৰাজ্যিক ঘাইপথসমূহ ভালদৰে তদাৰক কৰি পথৰ মাজত কৰবাত যদি গাঁত দৃষ্টিগোচৰ হয় সেইসমূহ বন্ধ কৰাৰ বাবে তৎকালীন ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷

তদুপৰি দোৰাকঁহৰা অঞ্চলত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবেও তৎকালীনভাৱে তাত অস্থায়ী পথ অৱৰোধক স্থাপন কৰিবলৈ আৰক্ষী প্ৰশানক নিৰ্দেশ দিয়ে৷ আনহাতে চাংসাৰিস্থিত ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰৰ সন্মুখৰ জান-জঁটৰ ক্ষেত্ৰতো কাৰ্যকৰী ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট কতৃৰ্পক্ষক নিৰ্দেশ দিয়া হয়৷ ইয়াৰোপৰি বৰ্তমান কুঁৱলীৰ সময়ত পথৰ দাঁতিত ৰখাই থোৱা অব্যৱহৃত বাহনসমূহৰ বাবে যাতে কোনো দুৰ্ঘটনা হ’ব নোৱাৰে তাৰবাবে তৎকালীনভাৱে এই বাহনসমূহ আঁতৰোৱাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়া হয়৷ ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাই পথৰ দাঁতিকাষৰীয়া বিদ্যালয়ৰ ক্ষেত্ৰত নিদেৰ্শনা চিহ্ন স্থাপন কাৰ্য সম্পূৰ্ণ কৰিবলৈও সংশ্লিষ্ট কতৃৰ্পক্ষক আহ্বান জনোৱা হয়৷

লগতে পঢ়ক  : শৰাইঘাট দলংৰ ওপৰত বাগৰি পৰিল চাউল ভৰ্তি ট্ৰাক

আনহাতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিৰ নিকটাত্মীয়লৈ অৰ্থ সাহায্য প্ৰদানৰ অৰ্থে জিলা প্ৰশাসনৰ অধীনত ৰূপায়িত হোৱা শান্তনাসূচক ক্ষতিপূৰণ আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈও সভাত গুৰুত্ব আৰোপ কৰা হয়৷ চৰকাৰী নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয় সমূহতে সদ্যহতে দুৰ্ঘটনাজনিত জৰুৰীকালীন চিকিৎসাৰ বাবে ট্ৰমা কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি সভাত বিভাগীয়ভাৱে অৱগত কৰা হয়৷ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে বিশেষকৈ সমাগত ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ দিন দুটাত বৰ্তমান উপলব্ধ এম্বুলেন্স সমূহৰ উপৰি অতিৰিক্ত এম্বুলেন্স সাজু ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে সেই দিন দুটাত কোনো স্বাস্থ্য বিষয়া বা কৰ্মচাৰীক ছুটী মঞ্জুৰ নকৰিবলৈ দিয়া চৰকাৰী নিৰ্দেশৰ প্ৰতি দৃষ্টিগোচৰ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply