ৰঙিয়া : ৰঙিয়াৰ উলুবাৰীত বাঢ়নী পানীয়ে ভাঙিল এটি চৰকাৰী পথ। বানে উটুৱাই নিয়া পথছোৱাত ৰাইজে ততাতৈয়াকৈ নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো। এডাল বাঁহৰ সাঁকোৰে অতি বিপজ্জনকভাৱে কেবাখনো গাঁৱৰ ৰাইজে অহা-যোৱা কৰিব লগা হৈছে।
ৰাজ্যজুৰি ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত থাকৰ মাজতে প্ৰথমটো বানে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ইতিমধ্যে বাঢ়নী পানীয়ে নৈ পৰীয়া ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিত সৃষ্টি কৰিছে। বহু ঠাইত বাঢ়নী পানীয়ে দলং উটুৱাই নিয়াৰ লগতে উটুৱাই নিছে পথ।
কামৰূপ জিলাৰ ৰঙিয়াৰ উলুবাৰীতো বাঢ়নী পানীয়ে এটি চৰকাৰী পথ ভাঙি নিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰত ৰাইজ অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখ্য যে এবছৰ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানতো এই পথছোৱা চিঙি গৈছিল। ভগ্ন পথটোৰে দীৰ্ঘদিন ধৰি ৰাইজে যাতায়তৰ নামত দুৰ্ভোগ ভুগি আহিছিল যদিও কিছুদিন পূৰ্বে পথটো মেৰামতি কৰিছিল কিন্তু অতি নিম্ন মানৰ কাম কৰা বাবে এজাক বৰষুণতে নিশাটোৰ ভিতৰতে পথছোৱা চিঙি যায়।
লগতে পঢ়ক : জাতিৰ পিতা মহাত্মা গান্ধীৰ পৰিনাতিনীক ৭ বছৰৰ কাৰাদণ্ড! জালিয়াতিৰ গোচৰ
বহু কেইখন গাঁৱৰ ৰাইজৰ যাতায়ত একমাত্ৰ এই পথটো এনেদৰে চিঙি যোৱাত ৰাইজে উপায়ন্তৰ হৈ ততালিকৈ কোনোমতে যাতায়ত কৰিব পৰাকৈ এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰে। বাঢ়নী পানীৰ প্ৰবল সোঁতৰ ওপৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা এই দুৰ্বল সাঁকোৰে শিশুৰ পৰা বৃদ্ধলৈকে অতি বিপদসংকুলভাৱে যাত্ৰা কৰিব লগা হৈছে।