নিউজ ডেস্কঃ ৰাজ্যত পুনৰ আৰক্ষীৰ গুলীত মৃত্যুবৰণ কৰে এজন ডকাইত। ডকাইত সন্তোষ জয়ছোৱালক পত্নীৰ সন্মুখতেই গুলী মাৰে ডিব্ৰুগড়ৰ বৰবাম আৰক্ষীয়ে। আৰক্ষীয়ে চলোৱা ৩ ৰাইণ্ডত গুলীত নিহত হয় সন্তোষ জয়ছোৱাল। লৈ নিয়া হৈ যদিও চিকিৎসকে মৃত্যু হোৱা বুলি জনাই।

জানিব পৰা অনুসৰি, সন্তোষ জয়ছোৱালে নিজ কন্যা সন্তানৰ অসুখৰ বাবে চিকিৎসালয়ত নিয়াৰ উদ্দেশ্যে দেওবাৰে পত্নী বন্দিতা তামুলীৰ ঘৰত আহিছিল। সেই সময়তেই আৰক্ষীয়ে অভিযান চলাই জয়ছোৱালক ধৰিবলৈ আহোঁতে পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰে।

পত্নী বন্দিতা শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, “মই ছাৰহঁতক কৈছিলো নুগুলিয়াব-নুগুলিয়াব, মোৰ চকুৰ আগতেই ছাৰহঁতে গুলিয়াই দিলে”। লগতে পত্নী গৰাকীয়ে আৰক্ষীক ৰাজগড়ৰ হস্পিতালতে জয়ছোৱালক ভৰোৱাৰ বাবে অনুগ্ৰহ কৰিছিল বুলিও জনাই।

উল্লেখযোগ্য যে, সন্তোষ জয়ছোৱাল বহুবোৰ কুখ্যাত চুৰি, ডকাইত কাৰ্যৰ লগত জড়িত আছিল । যাৰ বাবে আৰক্ষীয়ে বহুবোৰ সন্তোষক গ্ৰেপ্তাৰো কৰিছে। জানিবপৰা অনুসৰি, সন্তোষে অসমৰ ভিন্ন স্থানৰ পৰা বাইক চুৰ কৰি নাগালেণ্ডত বিক্ৰী কৰি আহিছিল লগতে ৫০ ৰো অধিক গোচৰ ৰুজু আছিল সন্তোষৰ বিৰুদ্ধে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply