বাক্সা : বাক্সা জিলাৰ বৰমা-মুছলপুৰ পথত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। সোমবাৰে সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড। মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ কৰ্মচাৰীৰ পৰা ডকাইতৰ দলে লুটি নিয়ে কেইবাহাজাৰ টকা।
বিভিন্ন অপৰাধজনীত ঘটনাৰ লগতে বিগত সময়ছোৱাত বাক্সা জিলাত বৃদ্ধি পাইছে ডকাইতি কাণ্ডৰ ঘটনা। বিশেষকৈ মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীৰ কৰ্মচাৰীৰ পৰা টকা লুটি নিয়াতো সাধাৰণ ঘটনাত পৰিণত হৈছে জিলাখনত। পূৰ্বে কেইবাবাৰো মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীৰ কৰ্মচাৰীৰ পৰা ধন লুটৰ ঘটনা সংঘটিত হোৱা বাক্সাত সোমবাৰে পুনৰ সংঘটিত হয় একে ঘটনা।
মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীৰ গোপেশ্বৰ কলিতা নামৰ এজন এজেন্ট বাইকত গৈ থকা অৱস্থাত বৰমা-মুছলপুৰ পথত বাইকত অহা দুজন দুৰ্বৃত্তই গোপেশ্বৰ কলিতাক বাট আগুচি ধৰি পিষ্টল দেখুৱাই লুটি নিয়ে কেইবাহাজাৰ টকা। পিছত ডকাইতি কাণ্ডৰ খবৰ পাই ঘটনাস্থলীত বৰমা-মুছলপুৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে ডকাইতি কাণ্ডৰ লগত জড়িত এজনো লোকৰ সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।
লগতে পঢ়ক : এটা বাল্ব ব্যৱহাৰ কৰা পৰিয়ালৰ বিদ্যুৎৰ বিল আহিল ২৪ হাজাৰ টকা
উল্লেখ্য যে বাক্সা জিলাৰ বৰমা আৰু মুছলপুৰ অঞ্চলত এটাৰ পিছত আনটো ডকাইতি কাণ্ড সংঘটিত হৈ আছে যদিও আজি পৰ্যন্ত এজনো ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বাক্সা আৰক্ষী। জিলাখনক অপৰাধীৰ ৰম্যভূমিত পৰিণত কৰা ডকাইতক নাকি লগাবলৈ আৰক্ষী সক্ষম হ’ব নে নহয় সেয়া পৰৱৰ্তী সময়তে দেখিবলৈ পোৱা যাব।