গুৱাহাটী : আৰক্ষীৰে গীজগিজাই থকা মহানগৰীত দিনৰ পোহৰতে ডকাইতিকাণ্ড। হাতত অস্ত্ৰ লৈ ডকাইতৰ দলে এঘৰৰ পৰা লুটি নিলে সকলো। এখন বিলাসী চাৰিচকীয়া বাহনত আহিছিল ৬ জনীয়া ডকাইতৰ দলটো।
মহানগৰীৰ বৰ্ষাপাৰাৰ ইটাভাটাৰ সাৰদা পথত মঙলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। ৬ জনীয়া ডকাইতৰ দল এটাই সাৰদা পথৰ এজন লোকৰ ঘৰত প্ৰৱেশ কৰি লুটি নিয়ে সোণৰ অলংকাৰসহ বহু সামগ্ৰী।
ডকাইতৰ দলটোৰ হাতত অস্ত্ৰ লৈ ঘৰখনত প্ৰৱেশ কৰি ঘৰত থকা লোক সকলক চকুত কাপোৰ বান্ধি ডকাইতিকাণ্ড সংঘটিত কৰে। জানিব পৰা মতে ডকাইতৰ দলটোৰ গুলীত এজন লোক গুৰুত্বৰভাৱে আহত হৈছে।
লগতে পঢ়ক : আইবা মহিলা বিশ্ব চেম্পিয়নশ্বিপত লাভলিনা বৰগোহাঁইৰ পোনপটীয়া প্ৰৱেশ
ডকাইতৰ দলটোৱে ডকাইতিকাণ্ড সংঘটিত কৰি পলায়ন কৰাৰ সময়ত লিটন মজুমদাৰ নামৰ এজন লোকে ডকাইতৰ দলটোক বাধা দিবলৈ চেষ্টা কৰোতে ডকাইতৰ দলটোৱে গুলী চালনা কৰে। লিটন মজুমদাৰৰ মূৰত গুলী লাগিছে আৰু হায়াত হাস্পতালত লিটন মজুমদাৰ চিকিৎসাধীন হৈ আছে।