গুৱাহাটী : মহানগৰীত পিষ্টল দেখুৱাই কাঢ়ি নিলে ৪ লাখ টকা। বেংকত টকা জমা দিবলৈ গৈ থকা এজন লোকৰ পৰা চাৰিজনীয়া ডকাইতৰ দল এটাই কাঢ়ি নিয়ে টকাখিনি। দুখন বাইকত আহিছিল ডকাইতৰ দলটো।

মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে ডকাইতিকাণ্ড। এজন লোকৰ পৰা চাৰিজনীয়া ডকাইতৰ দলৰ পিষ্টল দেখুৱাই কাঢ়ি নিয়ে ৪ লাখ টকা। গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা চান্দমাৰীস্থিত এইচডিএফচি বেংকত টকাখিনি জমা দিবলৈ গৈ থকা এজন লোকৰ পৰা ডকাইতৰ দলটোৱে কাঢ়ি নিয়ে টকাখিনি।

লগতে পঢ়ক  : পিতৃ মাতৃৰ সংঘাতৰ মাজতে প্ৰাণ গ’ল তিনিবছৰীয়া সন্তানৰ

চুপাৰমাৰ্কেট লাষ্টগেটত সংঘটিত হয় এই ডকাইতিকাণ্ডৰ ঘটনা। চাৰিজনীয়া ডকাইতৰ দলটো দুখন বাইকত আহিছিল। এখন হিৰো গ্লেমাৰ আৰু হোণ্ডা হৰনেট বাইকত আহিছিল ডকাইতৰ দলটো। বাইক দুখন নম্বৰ প্লেট বিহীন আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply