গুৱাহাটী : সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ। দেশত প্ৰতিদিনে কেইবা লক্ষাধিক লোক ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। অসমতো বিগত কিছুদিন ধৰি পৰিস্থিতি অধিক ভয়াবহ হ’বলৈ ধৰিছে। ইতিমধ্যে ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি দিনৰ ১১ বজাত সকলো দোকান-পোহৰ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে ১২ বজাৰ পৰা ৰাজ্যজুৰি সান্ধ্য আইন ঘোষণা কৰিছে।
ক’ভিডৰ সংহাৰী ৰূপ দেখি ৰাইজ ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ এই সুযোগৰ সঠিক ব্যৱহাৰ কৰাত উঠি পৰি লাগিছে চোৰৰ দল। নিজকে ক’ভিড সংক্ৰমণৰ পৰা ৰক্ষা কৰি চুৰিকাৰ্যত নামি পৰিছে একাংশ চোৰ। তেনে এক ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। জালুকবাৰী আৰক্ষী থানাৰ কাষতে চোৰৰ এটা দলে পি পি ই কিট পৰিধান কৰি সংঘটিত কৰিলে চুৰিকাণ্ড।
লগতে পঢ়ক : ৰাজ্যত ধৰ্ষণৰ বলি কিশোৰী; ‘জীয়াই থকা আশা হেৰোৱাই’ আত্মহত্যা ভুক্তভোগীৰ, অধ্যাপকক গ্ৰেপ্তাৰ
জালুকবাৰী আৰক্ষী থানাৰ কাষতে থকা ভৰালী ভেৰাইটি ষ্টৰ নামৰ এখন দোকানত পাঁচ জনীয়া এটা চোৰৰ দলে পি পি ই কিট পৰিধান কৰি চুৰিকাণ্ড সংঘটিত কৰে। চোৰৰ দলটোৱে দোকানখনৰ পৰা লুটি নিয়া নগদ ধনসহ বহু মূল্যবান সামগ্ৰী। ইফালে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হয় দোকানখনৰ চি চি টিভি কেমেৰাত। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।