গুৱাহাটী : মহানগৰীত পুনৰ চোৰৰ তাণ্ডৱ। মঙলাবাৰে নিশাৰ ভাগত কামাখ্যা গেটত থকা ডেকা হোটেলত চোৰৰ দলে চলালে চাফাই অভিযান। চোৰৰ দলটোৱে লুটি নিলে বহু মূল্যবান সামগ্ৰীৰ লগতে নগদ ধন। ড্ৰাগছ আসক্ত যুৱকৰ দলে চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ।
ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশৰ লগতে অসমতো তাণ্ডৱ চলাই থকাৰ বাবে ৰাজ্যত সান্ধ্য আইন চলি আছে। দুপৰীয়া ১২ বজাৰ পৰাই ৰাজ্যজুৰি সান্ধ্য আইন আৰম্ভ হয়। ১২ বজাৰ পৰা সকলো দোকান-পোহৰ বন্ধ হৈ পৰে। সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি নিশাৰ ভাগত চলে চোৰৰ তাণ্ডৱ।
মঙলাবাৰে নিশাৰ ভাগত মহানগৰীৰ কামাখ্যা গেটত চলিল চোৰৰ তাণ্ডৱ। কামাখ্যা গেটত থকা ডেকা হোটেলত চোৰৰ দল প্ৰৱেশ কৰি হোটেলখনত চাফাই অভিযান চলাই লুটি নিয়ে বহু মূল্যবান সামগ্ৰী। হোটেলৰ পৰা চোৰৰ দলে কাঁহৰ বাচন, গেছ চিলিণ্ডাৰ আৰু নগদ ৩০ হাজাৰ টকা লুটি নিয়ে।
লগতে পঢ়ক : অসমৰ ৰাষ্ট্রীয় উদ্যানৰ সংখ্যা ৭ খনলৈ বৃদ্ধি পালে
হোটেলখনৰ গৰাকী বলিন চন্দ্ৰ ডেকাই সন্দেহ প্ৰকাশ কৰিছে যে নিশাৰ ভাগত ড্ৰাগছ আসক্ত যুৱকৰ দলে এই চুৰিকাণ্ড সংঘটিত কৰিছে। চুৰিকাণ্ডৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰা হৈছে। জালুকবাৰী থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।