মানকাচৰ : মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ পানকাটা পুচকনিপাৰাত কৃষকৰ ঘৰত ডকাইতিকাণ্ড। ঘৰত থকা ৮ জন সদস্যক ডকাইতৰ দলে হাত-ভৰি বান্ধি নগদ ধন, সোণৰ আ-অলংকাৰসহ লুটি নিয়ে লক্ষাধিক টকাৰ সম্পত্তি। শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ডকাইতিকাণ্ড। ডকাইতৰ দলটোত ১২ জন সদস্য আছিল।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত পানকাটা পুচকনিপাৰাত শনিবাৰে নিশা ১২ জনীয়া ডকাইতৰ এটা দলে এজন কৃষকৰ ঘৰত ডকাইতিকাণ্ড সংঘটিত কৰে। কৃষক জনৰ ঘৰৰ ৮ জন সদস্যৰ হাত-ভৰি বান্ধি নগদ ধন, সোণৰ আ-অলংকাৰসহ লক্ষাধিক টকাৰ সম্পত্তি লুটি নিয়ে ডকাইতৰ দলটোৱে।

গাঁওখনৰ মতলেব মোল্লা নামৰ কৃষকজনৰ ঘৰত নিশা প্ৰায় ১২ বজাত হঠাৎ দৰ্জা ভাঙি ১২ জনীয়া ডকাইতৰ দল প্ৰৱেশ কৰে। মতলেব মোল্লাসহ মুঠ ৮ জন সদস্যৰ হাত-ভৰি বান্ধি ঘৰখনত লুটপাট চলায় ডকাইতৰ দলটোৱে। নগদ ৪৫ হেজাৰ টকা, সোণৰ আ-অলংকাৰ ডকাইতৰ দলটো লুটি নিয়াৰ লগতে ঘৰৰ সদস্য কেইজনক মাৰপিট কৰে।

লগতে পঢ়ক : জুৰীয়াত গাঁওবুঢ়াৰ বিৰুদ্ধে ধাৰিবাহিক প্ৰতিবাদ

প্ৰায় আধা ঘণ্টা ধৰি লুটপাট চলাই মাৰপিট কৰাৰ পিছত ডকাইতৰ দলটোৱে ঘৰখনৰ সদস্য সকলক ঘৰত আৱদ্ধ কৰি ঘৰখনত তলা লগাই পলায়ন কৰে। ঘৰৰ সদস্য কেইজন কোনোমতে ঘৰখনৰ পৰা ওলাই আহি কালাপানী আৰক্ষী চকীত অৱগত কৰাত দেওবাৰে পুৱাৰ ভাগত কালাপানী আৰক্ষীৰ দল এটা ঘটনস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply