ৰূপহীহাট : ৰূপহীহাটৰ ছাইদৰীয়াত ডকাইতিকাণ্ড।শুকুৰবাৰে নিশা নগাঁও-লাওঁখোৱা-নলতলি ব্যস্ততা পূৰ্ণ ৰাজ্যিক ঘাইপথৰ দাঁতিত থকা এটা পৰিয়ালৰ বাসগৃহত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড।

নগাঁও জিলাৰ ৰূপহীহাটত শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। বিদ্যুৎ বিভাগৰ ঠিকাদাৰ তথা চিকনী চুপাৰী ব্যৱসায়ী আব্দুল হাছিমৰ ঘৰত ডকাইতৰ দল এটাই প্ৰৱেশ কৰি ঘৰৰ সকলো সদস্যৰ হাত-ভৰি বান্ধি নগদ ১ লাখ ৫০ হেজাৰ টকা লগতে সোণৰ আ-অলংকাৰ আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ লুটি নিয়ে।

৬ জনীয়া ডকাইতৰ দলটোৱে হাতত পিষ্টল আৰু খুকৰি লৈ ঘৰখনত চলাইছিল তাণ্ডৱ। এইলৈ ৰূপহীহাটৰ ছাইদৰীয়াত তীব্ৰ চাঞ্চল্য অব্যাহত আছে।ঘটনাস্থলীত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ তদন্ত চলায়।

লগতে পঢ়ক : আজি পাঁচ সমষ্টিৰ উপনিৰ্বাচন

২৪ ঘন্টাৰ ভিতৰত উক্ত ডকাইতিকাণ্ডত লিপ্ত থাক ডকাইতৰ দলটোক আত্মসমৰ্পন কৰিবলৈ হুংকাৰ দিয়ে আনন্দ মিশ্ৰই। কোনোপধ্যেই ডকাইতৰ দলটোৱে ৰেহাই নাপায় বুলিও সকীয়াই দিয়ে আনন্দ মিশ্ৰই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply