ৰূপহীহাট : ৰূপহীহাটত সংঘটিত হৈছে এক চুৰিকাণ্ড। নগদ দুই লক্ষাধিক টকাসহ চোৰে লুটি নিলে সোণৰ অলংকাৰ। আৰক্ষীৰ তদন্ত অব্যাহত।

নগাঁও জিলাৰ ৰূপহীহাটত দেওবাৰে সন্দিয়াৰ ভাগত সংঘটিত হয় এক চুৰিকাণ্ড। এজন লোকৰ ঘৰত প্ৰৱেশ কৰি চোৰে লুটি নিয়ে নগদ ধনসহ বুজন পৰিমাণৰ সোণৰ অলংকাৰ।

লগতে পঢ়ক : কাৰ্বি আংলংত হাতীৰ দাঁতসহ দুজন যুৱক আটক

ৰূপহীহাটৰ ঘেহুৱা চললিত আব্দুল বাছিত নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড। লোকজনৰ ঘৰৰ তলা ভাঙি চোৰে এই চুৰিকাণ্ড সংঘটিত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply