নলবাৰী : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ থানাৰ অন্তৰ্গত দমদমাত সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা। ১০-১৫ জনীয়া এটা ডকাইতৰ দল এটাই এজন চিকিৎসকৰ ঘৰত সংঘটিত কৰে এই ডকাইতি কাণ্ড।

নিশাৰ ভাগত হাফিজুৰ ৰহমান নামৰ এজন চিকিৎসকৰ ঘৰত ১০-১৫ জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি পৰিয়ালৰ লোক সকলক আক্ৰমণৰ চলায়। ডকাইতৰ দলটোৱে পৰিয়ালটোৰ বৃদ্ধা আৰু মহিলা সকলক প্ৰহাৰ কৰি লুটি নিয়ে নগদ ধনসহ বহু অলংকাৰ।

লগতে পঢ়ক : দিৰিং নৈৰ পানীৰ কুলু কুলু শব্দই পৰ্যটকৰ আকৰ্ষণস্থলীত পৰিণত কৰি তুলিছে বাক্সাৰ এখন গাঁও

ডকাইতৰ দলটোৰ প্ৰহাৰত আহত হয় গোলাপী বেগম নামৰ এগৰাকী মহিলাৰ লগতে মুস্তাফিজোৰ ৰহমান, আকলিমা নাচৰিন, হাফিজুৰ ৰহমান আৰু ফৰহাদ আলী নামৰ লোক কেইজন। ডকাইতৰ দলটো এখন হোণ্ডা ক্ৰেতা গাড়ীত আহিছিল বুলি জানিব পৰা গৈছে। আনুমানিক ৫০ লক্ষাধিক টকাৰ গহনা আৰু নগদ ধন লুটি নিয়ে ডকাইতৰ দলটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply