অভয়াপুৰী : বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মন্দিৰত সংঘটিত হৈছে চুৰিকাণ্ড। চোৰে মন্দিৰৰ পৰা লুটি নিয়ে সোণ-ৰূপৰ বহু সামগ্ৰী। সোমবাৰে নিশাৰ ভাগত এই চুৰিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অভয়াপুৰীৰ শিৱপুৰৰ শিৱ মন্দিৰত সংঘটিত হোৱা এই চুৰিকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। নিশাৰ ভাগত শিৱ মন্দিৰৰ তলা ভাঙি চোৰে মন্দিৰৰ পৰা নগদ ধন লুটি নিয়ে।

লগতে পঢ়ক : কাকী ডেকাগিৰি সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয় সেৱাবাহিনীৰ ৰূপালী জয়ন্তী উদযাপন

চোৰে মন্দিৰত থকা সোণ-ৰূপৰ বহু সামগ্ৰী লুটি নিয়া বুলিও জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে পূৰ্বেও এই শিৱ মন্দিৰত চুৰিকাণ্ড সংঘটিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply