গুৱাহাটী : অম্বুবাচী মেলাত চোৰৰ দল। অম্বুবাচী মেলাত বহিঃৰাজ্যৰ বাবাৰূপী চোৰৰ দল। কেইবাগৰকী মহিলাৰ ডিঙিৰ পৰা চেইন চুৰি দলটোৰ। এগৰাকী বাবাসহ দলটোৰ পাঁচ গৰাকী মহিলা সদস্য গ্ৰেপ্তাৰ।

নিলাচল পাহাৰত শক্তিপীঠ মা কামাখ্যা মন্দিৰত চলি থকা অম্বুবাচী মেলাৰ চোৰৰ বৃহৎ দল। বহিঃৰাজ্যৰ পৰা অহা বাবাৰূপী চোৰৰ দলটো ভক্তৰ পৰা চুৰি কৰি নিছে নগদ ধনৰ লগতে বহু সামগ্ৰী। আনকি মহিলা ভক্তৰ ডিঙিৰ পৰা সোণৰ চেইনো কাটি নিছে চোৰৰ দলটো।

লগতে পঢ়ক –  মৰিয়নীৰ নকছাৰিৰ খাটিচোনাত লোমহৰ্ষক হত্যাকাণ্ড

কেইবাগৰকী মহিলাৰ চেইন চুৰি হোৱাৰ পিছত মহিলা সকলে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ আৰু আৰক্ষীক। আৰক্ষীয়ে তদন্ত চলাই ইতিমধ্যে পাঁচ গৰাকী মহিলা আৰু এজন বাবাৰূপী চোৰক আটক কৰিছে। ধৃত চোৰ কেইজন দাক্ষিণাত্যৰ বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply