টীয়ক- টীয়কত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰ সভাত অগপ আৰু বিজেপিক সমালোচনা কৰি

”সোণ লাভ কৰা সকলৰ পৰিয়ালৰ সদস্য সকলে অগপত ভোট দিয়ক,নোপোৱা সকলে কংগ্ৰেছৰ পল্লৱীক ভোট দিয়ক, যিসকলে একাউন্টত মোডী চৰকাৰে দিয়া ধন একাউণ্টত লাভ কৰিছে তেওঁলোকে অগপক ভোট দিয়ক, যিসকলে ধন লাভ কৰা নাই তেঁওলোকে কংগ্ৰেছৰ পল্লৱীক ভোট দিয়ক।” এই মন্তব্য আগবঢ়াই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।

আৰু জানিবলৈ পঢ়কঃবিলাসীপাৰাত ১৪গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

এইদৰে টীয়কৰ ভোটাৰ ৰাইজক আহ্বান জনালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । টীয়কৰ তামুলীছিগাত কংগ্ৰেছ প্ৰাৰ্থী পল্লবী গগৈৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ আহি বিজেপিৰ মিথ্যাচাৰৰ এটা এটাকৈ তথ্য ডাঙি ধৰে হুছেইনে । প্ৰায় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত ভাষণ প্ৰদান কৰি ৰকিবুল হুছেইনে পল্লবী গগৈক জয়ী কৰাই কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায় ।ইয়াৰ পূৰ্বে কেইবা শতাধিক সমৰ্থকে হাঁহচৰা চাৰিআলিৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পথ মটৰচাইকেল ৰেলি কৰি ৰকিবুল হুছেইনক সভাস্থলীলৈ আগবঢ়াই আনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply