বিশ্বনাথঃ বিশ্বনাথৰ জীয়ৰী ৰ’দালী কাশ্যপৰ সাফল্য।

২৫ এপ্ৰিলত গুৱাহাটী শংকৰদেৱ কলাক্ষেত্রৰ ইন্টাৰনেচনেল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ”নেচনেল অ’চেনিক মিছ ইণ্ডিয়া শ্ব”ত ৰ’দালি কাশ্যপে অ’চেনিক ৰানাৰ্ছআপ, অ’চেনিক ফাৰফেক্ট ফিগাৰ,অ’চেনিক ফেচ অৱ দ্যা ইয়াৰ , অ’চেনিক বিউটিফুল আইছ , আৰু Oceanic attitude ২০২১ ৰ খিতাপ লাভ কৰে ।

”ভিভা অৱ ইণ্ডিয়া ইউনিভাৰ্ছ ২০১৮”ৰ বিজয়ী মেৰী শইকীয়াৰ উদ্যোগত আয়োজিত হৈছিল এই প্ৰতিযোগিতাখনি।

এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা ২০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল।

তাৰে ভিতৰত ৰ’দালি কাশ্যপ বিশ্বনাথ জিলাৰ একমাত্ৰ প্ৰতিযোগী আছিল যিয়ে ৫ টাকৈ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল।

ৰ’দালি কাশ্যপ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ ৰাংছালী গাঁৱৰ কেশৱ দাস আৰু ভক্তি দাসৰ একমাত্ৰ কন্যা ।

বৰ্তমান ৰ’দালিয়ে তেজপুৰৰ দৰং মহাবিদ্যালয়ত ইংৰাজী বিষয়ত মেজৰ সহ স্নাতক প্ৰথম ষাণ্মাসিকত অধ্যয়ন কৰি আছে।

ৰ’দালীৰ সাফল্যত পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply