মৰাণ: পদুলিৰ মুখত হেঁপাহৰ ৰঙালী বিহুটি । কুলি কেতেকী মাতে জীপাল কৰিছে পৰিৱেশ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি । ব্যতিক্ৰম নহয় উজনি অসমৰ মৰাণো । বৃহত্তৰ মৰাণ অঞ্চলৰ বিভিন্ন গাঁৱত এতিয়া ঢোলৰ গুম-গুমনি শব্দৰে মুখৰিত হৈ পৰিছে ।
বিহু অহাৰ উমান পাই কপৌ, নাহৰ, তগৰ জোপাইও মিচিকিয়াই হাঁহি ফুলিব ধৰিছে । বাৰী কাষৰ আম জোপাও মলিয়াব ধৰিছে । ইফালে গাঁৱৰ জীয়াৰী-বোৱাৰী সকল ব্যস্ত হৈ পৰিছে তাঁতশালত বিহুৱান, ৰুমাল আদি বোৱাত ।
আনন্দ মনেৰে তাঁতশালত ব্যস্ত হৈ পৰা দুই এগৰাকী জীয়াৰী-বোৱাৰীৰ মুখত বিহু নামৰ কলিও শুনিবলৈ পোৱা গৈছে । সমান্তৰালকৈ ঢেকীত চিৰা-পিঠা খুন্দাত ব্যস্ত হৈ পৰিছে গ্ৰাম্যঞ্চলৰ বহু মহিলা । এক কথাত ক’বলৈ গ’লে ঢেকীৰ শব্দৰে অন্য এক মাদকতা সৃষ্টি কৰিছে গাঁওসমূহত ।
ৰঙালী বিহুলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত যোৱা কেইদিনমান ধৰি দিয়া বৰষুণে প্ৰকৃতি জীপাল কৰি তোলাত গছ সমূহত কুঁহিপাত মেলিবলৈ ধৰিছে । অন্যহাতে মৰাণ অঞ্চলৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু আখৰা আৰু বিহুৰ কৰ্মশালা ।
বিহু সন্মিলন সমূহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এই কৰ্মশালা সমূহত কণ-কণ ল’ৰা-ছোৱালীৰ পৰা যুৱক-যুৱতীলৈকে বহুতে বিহু নাচ, হুঁচৰি, ঢোল বাদন আদি প্ৰশিক্ষণ গ্ৰহণ কৰিছে । মুঠৰ ওপৰত অতিকৈ চেনেহৰ ৰঙালী বিহুটিক আদৰাৰ বাবে মৰাণৰ বিভিন্ন প্ৰান্তৰত চলিছে ব্যাপক প্ৰস্তুতি ।